ডিজিটেল ডেস্কঃ মেঘালয়ৰ পৰা অসমলৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে USTMত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰাৰ পাছতে ৰাহুল গান্ধীয়ে বিশ্ববিদ্যালয়খনৰ প্ৰৱেশ পথতে জনতা তথা একাংশ শিক্ষাৰ্থীক সম্বোধন কৰে। ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি কয় যে, ‘আপোনালোকৰ সপোন, আপোনালোকৰ কল্পনাৰ কথা শুনিবলৈ আহোতে মোক বাধা প্ৰদান কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মাই এই কাম কৰিছে। এয়া সচাঁকৈ দুৰ্ভাগ্যজনক। ”
ৰাহুল গান্ধীয়ে লগতে উপস্থিত শিক্ষাৰ্থীসকলক স্বাধীনচিতীয়াভাৱে চিন্তাচৰ্চা কৰিবলৈ আহ্বান জনাই কয়-আপোনালোক দেশৰ ভৱিষ্যত। আপোনালোকৰ চিন্তা-চৰ্চাৰ ওপৰতে দেশ নিৰ্ভৰ কৰিব। মই আশাবাদী যে এই দেশক আপোনালোকে দেশ হৈ থাকিবলৈ দিব। আমাৰ চিন্তা, আমাৰ সপোন আৰু আমাৰ কল্পনাক কোনেও বাধা দিব নোৱাৰে। সেয়া যিমানেই শক্তিশালী লবী নহওক কিয়!”
উল্লেখ কৰা প্ৰয়োজন যে, মেঘালয়ৰ পৰা খানাপাৰা হৈ গুৱাহাটীৰ মাজেৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা পাৰ হব। এই সময়চোৱাত ৰাহুল গান্ধীক অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে লগ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ