অসম লাইভ২৪ঃ ভাৰতত সাময়িকভাৱে ইনোভা ক্ৰিষ্টা, ফৰ্ছুনাৰ আৰু হিলাক্সৰ ডেলিভাৰি স্থগিত ৰাখিছে টয়টা কিৰ্লোস্কাৰ মটৰে। বাহনৰ ডেলিভাৰি বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সংস্থাই। সংবাদ সংস্থাৰ সূত্ৰই প্ৰকাশ কৰামতে এই বাহনৰ ডিজেল ইঞ্জিনত ত্ৰুটি থকাৰ বাবেই এই সিদ্ধান্ত লৈছে টয়টাই।
দেশৰ গাড়ীৰ বজাৰত বিশেষভাৱে জনপ্ৰিয় বাহনৰ এটা ব্ৰেণ্ড লৈছে টয়টা। বিশেষকৈ এই সংস্থাই নিৰ্মাণ কৰা ফৰ্ছুনাৰ আৰু ইনোভা ক্ৰিষ্টা খুবেই জনপ্ৰিয়। এই দুখন বাহন দেশত বিপুল পৰিমানত বিক্ৰিও হৈছে। অৱশ্যে বৰ্তমান এই তিনি বাহন কিনিবলৈ গৈ হতাশ হৈ উভতিছে বহুজন। অটোমোবাইস সংবাদ মাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি গাড়ীখনত টৰ্ক উৎপাদনত কিছু সমস্যাই দেখা দিছে। সেয়ে সাময়িকভাৱে এই বাহনৰ বিক্ৰি দেশত স্থগিত কৰি দিয়া হৈছে।
টয়টা মটৰ কৰ্পৰেশ্ব্যনে জনোৱা অনুসৰি টয়টা ইণ্ডাষ্ট্ৰিছ কৰ্পৰেছন(TICO)ক তেওঁলোকে ডিজেল ইঞ্জিন তৈয়াৰৰ দায়িত্ব দিছিল। টিকোই জনোৱা অনুসৰি ত্ৰুটি সমাধান কৰাৰ বাবে বিশেষ তদন্ত আৰম্ভ কৰিছে। বাহনসমূহৰ ত্ৰুটি সমাধান কৰাৰ বাবেই এই বিশেষ তদন্ত আৰম্ভ কৰিছে টয়টাই। বাহনসমূহৰ ডিজেল ইঞ্জিনত হৰ্ছপাৱাৰ আউটপুট চাৰ্টিফিকেশ্ব্যনৰ সময়ত এই ক্ৰুটি লক্ষ্য কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে। টয়টাই লগতে জনোৱা অনুসৰি পৰীক্ষা কৰাৰ সময়ত ১০টা মডেলত এই ত্ৰুটি ধৰা পৰিছিল। ইয়াৰে ৬খন জাপানৰ বাহন আছিল। বৰ্তমান বিক্ৰি বন্ধ হ’লেও গাড়ীৰ উৎপাদন আৰু বুকিং জাৰি ৰাখিছে টয়টাই।
এই বাহনৰ ৱেইটিং পিৰিয়ড বৃদ্ধি কৰাৰো সিদ্ধান্ত লোৱা হৈছে। সংস্থাই জনোৱা অনুসৰি উক্ত বাহনসমূহৰ ইঞ্জিন পাৰ্ফৰমেন্স ষ্টেণ্ডাৰ্ড মানিয়েই চলে। সেয়ে এই বাহন ক্ৰয় কৰিবলৈ গ্ৰাহক উদ্বাউলো হৈ থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ