অসম লাইভ২৪ঃ ৭টা গ্ৰহই চাৰি ৰাশিত অৱস্থান কৰি তৈয়াৰ হৈছে কেদাৰ যোগ। জ্যোতিষ গণনা অনুসৰি ৫০০ বছৰ পাছত এই সংযোগ তৈয়াৰ হৈছে। এই ৰাজযোগে সমস্ত ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিব। এই তিনি ৰাশিৰ জাতকে এই সময়ত আকস্মিক ধন লাভ কৰিব পাৰে। ইয়াৰোপৰি ভাগ্যোদয়ৰো যোগ আছে। গ্ৰহগতিৰ প্ৰভাৱত সৃষ্ট কেদাৰ যোগত তিনি ৰাশিৰ জীৱনত কেনে ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব জানি থওক সবিশেষে।
৭টা গ্ৰহই চাৰি ৰাশিত অৱস্থান কৰি তৈয়াৰ হৈছে কেদাৰ যোগ। জ্যোতিষ গণনা অনুসৰি ৫০০ বছৰৰ পাছত এনে সংযোগ তৈয়াৰ হৈছে। এই ৰাজযোগে সমস্ত ৰাশিৰ জীৱনক প্ৰভাৱিত কৰিব। এই সময়ত তিনি ৰাশিয়ে আকস্মিক ধন লাভ কৰিব পাৰিব। ইয়াৰোপৰি ভাগ্যোদয়ৰো যোগ আছে। গ্ৰহগতিৰ প্ৰভাৱত সৃষ্ট কেদাৰ যোগে এইকেইটা ৰাশিৰ জাতকক প্ৰভাৱিত কৰিব।
মেষ ৰাশি
কেদাৰ যোগ এই ৰাশিৰ বাবে অত্যন্ত লাভজনক। আপোনাৰ ৰাশিৰ ভাগ্যৰ স্থানত মঙল, শুক্ৰ আৰু বুধে অৱস্থান কৰিছে। অন্যহাতে সূৰ্যই দশম স্থানত আৰু শনিয়ে আয়ৰ স্থানত বিৰাজমান হৈ আছে। এই সময়ত কেৰিয়াৰ আৰু ব্যৱসায়তো উন্নতিৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আয়ৰ নতুন উৎস তৈয়াৰ হৈছে। আয় বৃদ্ধি হ’ব পাৰে। ইয়াৰোপৰি নতুন কামত সফলতা লাভ কৰিব এই ৰাশিৰ জাতকে। আপোনাৰ সমস্ত ইচ্ছাপূৰণ হ’ব। লগ্নিৰ দ্বাৰা লাভৰ যোগ আছে। এই সময়ত পুত্ৰ বা পৌত্ৰ লাভো সম্ভৱ।
মিথুন ৰাশি
কেদাৰ ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। সূৰ্যই আপোনাৰ গোচৰ কোষ্ঠীৰ অষ্টম স্থানত অৱস্থান কৰিছে আৰু শনিয়ে একাদশ কক্ষত বিচৰণ কৰিছে। এই সময়ত মিথুন ৰাশিৰ ব্যৱসায়ীসকলে ভালধৰণে উন্নতি কৰিব পাৰিব। ইয়াৰোপৰি এই সময়ত অবিবাহিত জাতকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। প্ৰেম জীৱনত প্ৰেম বিবাহৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় অনুকূল। প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য অৰ্জন কৰিব পাৰে। এই সময়ত আপোনাৰ সমস্ত ইচ্ছাপূৰণ হ’ব। নতুন কামত সাফল্য লাভ কৰিব।
তুলা ৰাশি
জ্যোতিষ অনুসৰি কেদাৰ ৰাজযোগ তুলা ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। মান সন্মান আৰু প্ৰতিষ্ঠা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। চিনেমা জগত, খেলাধুলাৰ সৈতে জড়িত ব্যৱসায়ীয়ে সফলতা অৰ্জন কৰিব। ৰাজনীতিৰ সৈতে জড়িত জাতকে কোনো পদ লাভ কৰিব পাৰে। ইয়াৰোপৰি বিভিন্ন সময়ত আকস্মিক ধন লাভো কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ আয়োজন হ’ব পাৰে। উৎসাহৰ সংযোগ তৈয়াৰ হ’ব। শিক্ষা, বিভিন্ন প্ৰতিযোগীতাত সফলতা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। বেকাৰ যুৱকে চাকৰি লাভ কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















