টিকট নোপোৱাৰ দুখতে কৰি পেলাইছিল এনে কাম, কেইবাদিনো হাস্পতালত থকাৰ পাছত আজি হাৰ্ট এটেকত মৃত্যু সাংসদৰ
টিকট লাভ নকৰাৰ দুখ ক্ষোভ, যি দুখতে খাই পেলাইছিল বিষ। যাৰ পৰিণতিত বিগত ২৪ মাৰ্চৰ পৰা হাস্পতালত ভৰ্তি হৈ আছিল এগৰাকী সাংসদ। পাছে আজি ২৮ মাৰ্চৰ পুৱা প্ৰায় ৫ মান বজাত মৃত্যু হয় তেখেতৰ।
তামিলনাডুৰ ইৰোডৰ পৰা বৰ্তমানৰ লোকসভা সাংসদ, এমডিএমকেৰ এ.গণেশমূৰ্তিৰ বৃহস্পতিবাৰে পুৱা মৃত্যু হয়। প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা ৫:০৫ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাত তেওঁৰ মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, ২৪ মাৰ্চৰ দেওবাৰে পুৱা প্ৰায় ৯.৩০ মান বজাত সাংসদ গণেশমূৰ্তিৰ পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ আনিছিল। অৱস্থা সংকটজনক থকাই চিকিৎসকে আই চি ইউলৈ স্থানান্তৰিত কৰি ভেণ্টিলেটৰত ভৰ্তি কৰাইছিল।
সাংসদগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি কীটনাশক দ্ৰব্য সেৱন কৰাৰ ফলতে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অভিযোগ অনুসৰি দলে চলিত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ টিকট নিদিয়াত সাংসদ এ গণেশমূৰ্তিয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















