স্কুলত পঢ়ি থকা ছাত্ৰীয়ে বিয়া হোৱাৰ পৰা ৰক্ষা কৰিলে বান্ধৱীক
স্কুলৰ ছাত্ৰ-ছাত্ৰীয়েই বন্ধ কৰালে বান্ধৱীৰ বিয়া, বিয়া চলি থাকোতেই উপস্থিত হয় কেইবাগৰাকী বান্ধৱী। আৰু আৰক্ষীৰ সহযোগত বন্ধ কৰাবলৈ সক্ষম হয় বাল্য বিবাহ হৈ থকা বান্ধৱীৰ বিয়া।
যাৰ পাছতে এতিয়া কিশোৰী ছাত্ৰী কেইগৰাকীৰ প্ৰশংশাত পঞ্চমুখ আৰক্ষীৰ লগতে সজাগ জনতা। এই ঘটনা নয়দাৰ ছেক্টৰ-১২৬ৰ। এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰী কেইগৰাকীমানৰ সাহসৰ বাবেই জীৱন ৰক্ষা পৰে এগৰাকী কিশোৰীৰ।
ঘৰৰ পৰিয়াজে জোৰ কৈ বিয়া পাতি দি আছিল কিশোৰীৰ। হেন সময়তে আৰক্ষীৰ সৈতে উপস্থিত হয় কইনাৰ বান্ধৱীৰ দলৰ।
ঘটনাস্থলীত আৰক্ষীক দেখি পাছত সেই বিয়া উঠাই লবলৈ বাধ্য হয় পৰিয়ালৰ লোক। পুনৰ বিদ্যালয়লৈ যাব এতিয়া কিশোৰী। ভৱিষ্যতে শিক্ষয়ত্ৰী হোৱাৰ মন কিশোৰীৰ।
কিশোৰীৰ বান্ধৱীয়ে জনোৱা অনুসৰি, বিগত কেইবাদিনো ধৰি মন বেয়া কৰি আছিল কিশোৰী কইনাই। সোদোতেও কোৱা নাছিল একো। পাছত যেতিয়া বিয়াৰ দিন আহি পৰে আৰু চিৰ জীৱনৰ বাবে বিদ্যালয় এৰিব লগা পৰিস্থিতি আহি পৰে তেতিয়াই শ্ৰেমীৰ সহপাঠীৰ আগত কয় সকলো।
বিয়াৰ দিনা ইফালে সকলো প্ৰস্তুতি তুংগত। মেহেন্দী লগোৱা দুহাত, দীঘল ওৰণি লৈ কইনাৰ সাজত মণ্ডপত কিশোৰী কইনা। বিয়া সম্পন্ন হবলৈ আৰু কিছু সময় থাকোতেই উপস্থিয় হয় সহপাঠী সকল। আৰু সেই বিয়াৰ পৰা উদ্ধাৰ কৰে বান্ধৱীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ