অসম লাইভ২৪ঃ পিন্ধনত গেৰুৱা ৰঙৰ পাঞ্জাৱী আৰু বগা ধুতি৷ হাতত গীতা৷ ডিঙিত গলবস্ত্ৰ আৰু কঁপালত গেৰুৱা তিলক৷ মুঠতে মন্দিৰত পুজাৰ বাবে ওলোৱাৰ ধৰণেৰে ৰাস্তাৰে যাত্ৰা৷ উদ্দেশ্য পূজাৰ বাবে নহয় উদ্দেশ্য হৈছে বিষ্ণুপুৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা৷ এই যাত্ৰাৰ আঁৰত আছে জ্যোতিষীৰ পৰামৰ্শ৷ আগন্তুক ২৫ মেত ষষ্ঠ দফাত বিষ্ণুপুৰ লোকসভাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ সোমবাৰে সেই লোকসভা সমষ্টিৰ বাবেই মনোনয়ন দাখিল কৰিছে বিজেপি প্ৰাৰ্থী সৌমিত্ৰই৷
প্ৰাৰ্থী সৌমিত্ৰৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰামতে জ্যোতিষীৰ পৰামৰ্শ অনুসৰিয়েই এই পোছাক পৰিধান কৰিছিল বিজেপি প্ৰাৰ্থীয়ে৷ কিন্তু সৌমিত্ৰৰ যুক্তি বেলেগ৷ তেওঁ কয়, ‘ধুতি হৈছে জাতীয় সাজ৷ আৰু গীতা সত্যৰ প্ৰতীক৷ যিকোনো পৰিস্থিতিতেই গীতাই সাৰথি৷ যুদ্ধই হওক বা সত্যই হওক৷ সেয়ে গীতা হাতত ৰাখিছিলো৷ অৱশ্যে আমি সনাতনী সকলে জ্যোতিষশাস্ত্ৰ মানি চলো৷ জ্যোতিষৰ পৰামৰ্শ অনুসৰিয়ে দিনৰ ১২ বাজি ৪ মিনিটত মনোনয়ন জমা দিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ