অসম লাইভ২৪ঃ হিন্দুধৰ্মত সপ্তাহৰ বিভিন্ন দিনক বিভিন্ন দেৱতাৰ উদ্দেশ্যে নিবেদন কৰা হৈছে৷ এই হিচাপে শনিবাৰ হৈছে শনি দেৱতাৰ দিন৷ এই দিনটোত শনি দেৱতাৰ প্ৰিয় কেইটামান কাম কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷ শনি খুব কম সময়তে প্ৰসন্ন হয়৷ কাৰণ কৰ্মফলৰ দেৱতা শনি ৰুষ্ট হ’লে জীৱন ছাৰখাৰ হৈ পৰে৷ যাৰ জীৱনত শনিৰ অশুভ নজৰ পৰে তেওঁৰ জীৱনলৈ বিপদ অহাটো খাটাং৷ জ্যোতিষবিদে জনোৱা অনুসৰি প্ৰতি শনিবাৰে এই ফুল দি শনিৰ পুজা কৰিলে শনি দেৱতা সন্তুষ্ট হয়৷
শনিৰ প্ৰিয় ফুল কি কি?
জ্যোতিষ অনুসৰি শনিৰ প্ৰিয় ফুল হৈছে কৰবী আৰু অপৰাজিতা৷ কৰবী ফুল কেনেকৈ আগবঢ়ালে শনি প্ৰসন্ন হয় সেই কথাও জানি থোৱাটো খুবেই প্ৰয়োজন৷ শনিবাৰে পুৱাই তামৰ পাত্ৰত পানী ভৰাই ল’ব৷ তাৰ মাজত এপাহ ৰঙা ৰঙৰ কৰবী ফুল দিব৷ তাৰপাছতেই সেই পানী সূৰ্য দেৱতাক অৰ্পন কৰিব৷ সূৰ্য আৰু শনি পৰস্পৰৰ শত্ৰু কিন্তু এই কাম কৰিলে শনি প্ৰসন্ন হয়৷ আৰু শনিৰ আশীৰ্বাদ লাভ সম্ভৱ হৈ উঠে৷ যদি দীৰ্ঘদিন ধৰি অসুখ বিসুখত ভোগে তেন্তে কৰবী ফুলত সৰিয়হৰ তেল মিহলাই শনি দেৱতাক অৰ্পণ কৰক৷ ইয়াৰ ফলত আপোনাৰ শাৰীৰিক সমস্যা কমি যায়৷ কৰবী ফুলৰ মালা গাঁথি শনিবাৰে বজৰংবলীৰ ডিঙিত পৰিধান কৰাওক৷
শনিবাৰে আৰম্ভ কৰি ৪০ দিন ধৰি এই কাম কৰি থাকিব লাগিব৷ ইয়াৰ ফলত শনিৰ অশুভ দশাৰ ক্ষতিকৰ প্ৰভাৱ আপোনাৰ ওপৰৰ পৰা কমি যাব৷ প্ৰতি শনিবাৰে ১০৮টা কৰবী ফুল কালীকো নিবেদন কৰক৷ আপুনি মা কালীৰ ওপৰিও তেতিয়া শনিৰ আশীৰ্বাদ লাভ কৰিব৷ শনিবাৰে কৰবী ফুল দি মালা গাঁথি তাত শনিৰ স্ত্ৰীৰ নাম লিখক৷ এই মালা দি শনিৰ পূজা কৰক৷ ইয়াৰ ফলত দাম্পত্য জীৱনৰ যাৱতীয় সমস্যা আঁতৰি যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ