সুৰজ বৰজাত্যাৰ চিনেমাত ছলমান খানক ৰিপ্লেছ, অন্য এগৰাকী অভিনেতাহে হ’ব ‘প্ৰেম’
সুৰজ বৰজাত্যাৰ চিনেমা আৰু ছলমান খানৰ মাজত চিনেমাৰ কথা সকলোৱে জানে। সুৰজ বৰজাত্যাৰ চিনেমা মানেই ছলমান , ছলমান মানেই চিনেমাখনত সেই চৰিত্ৰটোৰ নাম প্ৰেম। পাছে এইবাৰ সুৰজৰ ছবিত প্ৰেম হব অন্যহে। ছলমান খানত ৰিপ্লেছ কৰিছে সুৰজ বৰজাত্যাই।
মেইনে প্যাৰ কিয়া, হম আপকে হ্যে কোন, প্ৰেম ৰতন ধন পায়ো, হম সাথ সাথ হ্যে , আদি ছবিত বৰজাত্যাৰ সৈতে প্ৰেম হিচাপে কাম কৰিছে ছলমানে। পাছে এইবাৰ প্ৰেম হ’ব অন্যহে।
এইবাৰ ছলমান খানৰ ঠাইত দেখা পোৱা যাব কাৰ্তিক আৰয়ানক। প্ৰেমৰ চৰিত্ৰত কাম কৰিব কাৰ্তিকে। সফলতাৰ জখলাত অহৰহ বগাই গৈ আছে কাৰ্তিক আৰ্যানে। যাৰ বাবে এতিয়া অবিৰতভাৱে বহু ছবিৰ অফাৰ লাভ কৰি আছে।
বৰ্তমান কাৰ্তিক বহু প্ৰত্যাশিত ছবি ‘চণ্ডু চেম্পিয়ন’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে। কাৰ্তিকৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁৰ প্ৰতিখন ছবিৰ বাবে। বৰ্তমান তেওঁলোকে অপেক্ষা কৰি আছে কাৰ্তিকৰ ছবি ‘চণ্ডু চেম্পিয়ন’ৰ বাবে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পৰিচালক সুৰজ বৰজাত্যাৰ আগন্তুক ছবিত ছলমান খানৰ ঠাইত কাৰ্তিক আৰয়ানক চুক্তিবদ্ধ কৰা হৈছে।
আনহাতে ছলমান খানৰ প্ৰায়বোৰ ছবিতে তেওঁৰ নাম প্ৰেম থকা দেখা যায়। পৰিচালক সুৰজ বৰজাত্যাৰ আগন্তুক ছবিৰ মুখ্য অভিনেতাগৰাকীৰ নামো ৰখা হ’ব প্ৰেম। কিন্তু এতিয়া এই ছবিখন ছলমানৰ হাতৰ পৰা কাৰ্তিক আৰয়ানলৈ গৈছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছবিখন সন্দৰ্ভত ইতিমধ্যে সুৰজ বৰজাত্যা আৰু কাৰ্তিকৰ মাজত এখন বৈঠক হৈ গৈছে। সুৰজৰ আগন্তুক ছবিখনৰ নাম ‘প্ৰেম কি শাদি’। ছবিখনৰ বাবে ইতিমধ্যে অভিনেতা-অভিনেত্ৰী কাষ্টিং আৰম্ভ কৰিছে। এই ছবিখন পৰিয়ালৰ পটভূমিৰ ওপৰত আধাৰিত হ’ব। ‘চন্দু চেম্পিয়ন’ মুক্তি পোৱাৰ পিছতে এই ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ