সোমবাৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে মুকলিকৈ সমালোচনা কৰিছে নৰেন্দ্ৰ মোদীক৷ তেওঁ ভাষণত কয় যে, যোৱা এবছৰ ধৰি মণিপুৰ জ্বলি আছে আৰু বিগত এবছৰে তাত কেৱল অশান্তি আৰু অশান্তি৷ এই দেশৰেই একাংশ মানুহে সংগ্ৰাম কৰি আছে, যুঁজি আছে মৃত্যুৰে বহু লোক, তেনে সময়তে দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল শুই আছে৷ এই ধৰণৰ সংঘাতৰ বাবে ৰাষ্ট্ৰপ্ৰধানসকলে বিবেচনা কৰা উচিত। স্মৃতি ভৱন কমপ্লেক্সৰ এখন সভাত এই মন্তব্য কৰিছে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে৷
বিগত ১০ বছৰ পূৰ্বে মণিপুৰততো শান্তি আছিলঃ সংঘৰ মুৰব্বী মোহন ভাগৱত
‘বিগত এবছৰ মণিপুৰ জ্বলি আছে৷ এমুঠি শান্তিৰ বাবে অহৰহ অপেক্ষা কৰি আছে মণিপুৰবাসীয়ে৷ ১০ বছৰ পূৰ্বে এই ৰাজ্যত শান্তি আছিল৷ চৌদিশে শান্তিৰ পৰিবেশ আছিল৷ এতিয়া এনে লাগিল যে বন্দুক সংস্কৃতিয়ে মণিপুৰক শেষ কৰি পেলালে৷ ৰাজ্যখনত হাজাৰ হাজাৰ মানুহৰ মাজত অশান্তিৰ পৰিবেশে বিৰাজ কৰিছে৷ এই পৰিবেশৰ বাবে দায়ী কোন? সোনকালেই কথাবোৰ বিবেচনা কৰক৷ অন্যথা এই ৰাজ্য শেষ হৈ যাব৷ দেশৰ মুৰব্বীয়ে এতিয়াই সিদ্ধান্ত লওক৷’
https://x.com/RSSorg/status/1800200167297372518
মোহন ভাগৱতৰ মতে এই সময়ত মণিপুৰৰ পৰিস্থিতিক অগ্ৰাধিকাৰ দি বিবেচনা কৰাটো জৰুৰী৷ নিৰ্বাচনী বাক্যবাণ এৰি থকাতকৈ মণিপুৰৰ সন্মুখত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ বাবে চিন্তা কৰক৷ বিগত বৰ্ষৰ মে’ মাহত মণিপুৰৰ মেইতেই আৰু কুকি জনগোষ্ঠীৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেতিয়াৰ পৰা বৰ্তমানলৈকে প্ৰায় ২০০ জন লোকৰ মৃত্যু হৈছে৷ বহু লোকে আজিও কেম্পতেই জীৱন অতিবাহিত কৰি আছে৷ এতিয়াও ন ন হিংসাত্মক ঘটনাৰ খবৰ আহি আছে মণিপুৰৰ পৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ