প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্ত অমৰনাথলৈ আহে। এইবাৰ অমৰনাথ যাত্ৰা ২৯ জুনৰ পৰা ১৯ আগষ্টলৈ ৫২ দিন ধৰি চলিব। ২৭ জুনত ৰাজস্থানৰ ছিকাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব প্ৰথমটো ভক্তৰ দলে। ১৮ সংখ্যক অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰা ভক্তসকলে বালাঘাট আৰু পেহেলগাম পথেৰে যাত্ৰা কৰিব আৰু ১ জুলাইত অমৰনাথৰ বিশেষ শিৱলিংগ দৰ্শন কৰিব পাৰিব৷
এইবাৰ ছিকাৰ (ৰাজস্থান)ৰ পৰা প্ৰায় ৮৫০ জন ভক্তই অমৰনাথ যাত্ৰা কৰিব৷ ভক্তসকলে এতিয়াও পঞ্জীয়ন কৰিয়েই আছে গতিয়ে অমৰনাথত যাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ অমৰনাথ যাত্ৰা কমিটিয়ে জনোৱা মতে যিসকলে ৰেজিষ্ট্ৰেচন নকৰাকৈ অমৰনাথলৈ গৈ আছে তেওঁলোকে তৎক্ষণিক ৰেজিষ্ট্ৰেছন কৰক৷ অৱশ্যে তেওঁলোকে দুদিন পূৰ্বে টোকেন ল’ব লাগিব৷
আজিৰে পৰা আৰম্ভ হৈছে পঞ্জীয়ন
১৭ এপ্ৰিলৰ পৰা অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন আৰম্ভ হৈছে। ৩০ আগষ্টলৈকে চলিবলগীয়া অমৰনাথ যাত্ৰাৰ বাবে জম্মু-কাশ্মীৰৰ ২০টা বেংক শাখাত অফলাইন পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পঞ্জীয়নৰ নিয়ম সন্দৰ্ভত শ্ৰী অমৰনাথ শ্ৰাইন ব’ৰ্ডে কয়, ‘১৩ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰৰ লোকে এই যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। অনলাইন পঞ্জীয়নৰ বাবে ভক্তসকলে https://jksasb.nic.in ৱেবছাইট চাব পাৰে। অধিক তথ্যৰ বাবে টোল ফ্ৰী নম্বৰ ১৮০০১৮০৭১৯৮/১৮০০১৮০৭১৯৯ নম্বৰত যোগাযোগ কৰিব পাৰে যাত্ৰীয়ে৷
এইকেইটা নথি-পত্ৰৰ প্ৰয়োজন
- ৫ খন পাছপৰ্ট আকাৰৰ ফটো
- আধাৰ কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড
- শ্ৰাইন ব’ৰ্ডৰ অনুমোদিত চিকিৎসকৰ দ্বাৰা তৈয়াৰী চিকিৎসাৰ প্ৰমাণ পত্ৰ।
এইকেইটা ৰোগ থাকিলে অমৰনাথলৈ যাব নোৱাৰিব
- ৰক্তচাপ
- ডায়েবিটিছ
- উচ্চ ৰক্তচাপ
- গাঁঠিৰ বিষ
- হাঁপানী
- মৃগীৰোগ
পঞ্জীয়ন কেনেকৈ কৰিব?
ভক্তসকলে অনলাইন আৰু অফলাইন দুয়োটা প্ৰক্ৰিয়াৰে পঞ্জীয়ন কৰিব পাৰিব। শ্ৰী অমৰনাথজী App ডাউনলোড কৰিও পঞ্জীয়ন কৰিব পাৰিব। অৱশ্যে এটা মোবাইলৰ পৰা মাত্ৰ ৫ জন লোকেহে পঞ্জীয়ন কৰিব পাৰিব। ভক্তসকলে ৱেবছাইট https://jksasb.nic.in/ListofAuthorizedDoctorsInstitutions2023.html ত গৈও পঞ্জীয়ন কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ