পৃথিৱীৰ অন্যতম ধনী ব্যক্তিৰ তেওঁ পত্নী৷ কেৱল ধনী ব্যক্তিৰ পত্নীয়েই তেওঁৰ পৰিচয় নহয়৷ তেওঁ এগৰাকী নৃত্য বিশাৰদ হোৱাৰ ওপৰিও এগৰাকী ব্যৱসায়ী৷ আমি ক’ব বিচাৰিছো নীতা আম্বানীৰ কথা৷ ধনী ব্যক্তিৰ পত্নী হ’লেও নীতাৰ জীৱনো খুব এটা মসৃণ নহয়৷ অন্য ১০০ গৰাকী নাৰীৰ দৰেই তেওঁৱো ভূগিব লগা হৈছে বহু জ্বালা-যন্ত্ৰণা৷ বিবাহৰ পাছত যেতিয়া নীতা মাতৃ হ’ব পৰা নাছিল তেতিয়াই তেওঁক চিকিৎসকে স্পষ্টকৈ জনাই দিছিল যে তেওঁ স্বাভাৱিকভাৱে মাতৃ হ’ব নোৱাৰিব৷ চিকিৎসকে কোৱা এই কথাত সৰগ ভাঙি পৰিছিল নীতাৰ মূৰত৷
নীতাৰ বয়স তেতিয়া মাত্ৰ ২৩ বছৰ৷ সাক্ষাৎকাৰত তেওঁ নিজেই জনাইছিল যে, সেই সময়ত তেওঁৰ মূৰত আকাশ ভাঙি পৰিছিল৷ মনোকষ্টত ভূগিছিল নীতা৷ কিন্তু সেই যুদ্ধ জয় কৰি নীতা আজি তিনি সন্তানৰ মাতৃ৷ কেনেকৈ এয়া সম্ভৱ হৈ উঠিল? চিকিৎসকক কেনেকৈ ভুল প্ৰমাণিত কৰিলে নীতা-মুকেশে?
ইশা আৰু আকাশ নীতাৰ যমজ সন্তান৷ ঈশা আৰু আকাশক নীতাই আইভিএফ অৰ্থাৎ Vitro Fertilization পদ্ধতিৰে জন্ম দিছিল৷ ১৯৯১ চনত আইভিএফ কিন্তু মুখৰ কথা নহয়৷ সেই সময়ত আইভিএফৰ প্ৰচলন দেশত বেছিকৈ নাছিল৷ কিন্তু সেই সময়ত কেনেকৈ এই পন্থা ল’লে নীতা-মুকেশে? আকাশ-ঈশাৰ জন্মও এক আখ্যান৷ নীতাই এই সন্দৰ্ভত কয়,‘আমি দুয়ো মাৰ্কিন যুক্তৰাষ্ট্ৰত আছিলো৷ মই তেতিয়া অন্তঃসত্ত্বা৷ মাজে মাজে ভাৰতলৈ আহি থাকে৷ মই তাতেই আছিলো৷ এবাৰ মুকেশ আমেৰিকালৈ উভতি যাওঁতেই চিকিৎসকক লগ পৰে৷ মোৰ শাহু কোকিলাবেন আম্বানীয়ে আমাৰ চিকিৎসক ডাক্তৰ ফিৰোজাক লগ পৰে৷ তাৰ কেইদিনমান পাছতেই আমাৰ দুটাকৈ সন্তান জন্ম হয়৷ মই সন্তান জন্ম দিয়া দিনাখনো মুকেশ আৰু শাহু ফ্লাইটতেই আছিল৷ সেয়ে আমাৰ যমজ সন্তান দুটিৰ নাম আকাশ আৰু ঈশা ৰখা হ’ল৷ ঈশাৰ অৰ্থ হৈছে পাহাৰৰ দেবী আৰু আকাশতেই জন্মৰ খবৰ লাভ কৰাৰ বাবে লৰাটোৰ নাম আকাশ ৰখা হৈছিল৷’
আকাশ আৰু ঈশাৰ মাতৃ হোৱাৰ পাছতেই নীতাই অনন্তৰ জন্ম স্বাভাৱিকভাৱে দিয়ে৷ সেই অনন্তৰেই বিয়া৷ জুলাইৰ ১২ তাৰিখে বিবাহপাশত আৱদ্ধ হ’ব নীতাৰ সৰু পুত্ৰ অনন্ত আম্বানী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
Asomlive24.com is really best assamese channel . I wish long live.