গুৱাহাটীৰ পশ্চিমাংশত অৱস্থিত নীলাচল পাহাৰত আছে কামাখ্যা দেৱালয়৷ এই স্থান হিন্দু তথা তান্ত্ৰিকসকলৰ অতি পবিত্ৰ তীৰ্থস্থল বুলি গণ্য কৰা হয়৷ এয়া এটা অতি প্ৰাচীন হিন্দু মন্দিৰ৷ দেৱী মহামায়াৰ এই মন্দিৰক কামাখ্যাৰূপেই দেশবাসীয়ে জানে৷ কামাখ্যা তীৰ্থক্ষেত্ৰ শক্তিপীঠেই নহয় তন্ত্ৰ সাধনাৰো বিশেষ ক্ষেত্ৰ৷ দুৰ্গাপূজাৰ সময়ত ইয়াত দলে দলে ভক্তই পূজাৰ পাৰে ভিৰ কৰে৷
৫১ শক্তিপীঠৰ অন্যতম এখনেই হৈছে কামাখ্যা দেৱালয়৷ হিন্দু পুৰাণমতে, ৰজা দক্ষৰ ইচ্ছাৰ বিৰুদ্ধে মহাদেৱক বিয়া কৰাইছিল কন্যা সতীয়ে৷ মহাদেৱৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দক্ষ ৰজাই বৃহস্পতি নামৰ এক যজ্ঞৰ আয়োজন কৰিছিল৷ যজ্ঞত সতী কিংবা মহাদেৱ কাকোৱেই আমন্ত্ৰণ জনোৱা নাছিল দক্ষ ৰজাই৷ মহাদেৱৰ অনিচ্ছা সত্ত্বেও সতীয়ে পিতৃয়ে আয়োজন কৰা যজ্ঞানুষ্ঠানলৈ যায়৷ মহাদেৱক সেই অনুষ্ঠানতেই দক্ষ ৰজাই অপমান কৰে৷ স্বামীক কৰা অপমান সহ্য কৰিব নোৱাৰি সেই স্থানতেই সতীয়ে দেহত্যাগ কৰে৷ শোকাহত মহাদেৱে দক্ষৰ যজ্ঞৰ মাজতেই খঙাল ৰূপ ধাৰণ কৰি দেৱী সতীৰ মৃতদেহ কান্ধত লৈ বিশ্বব্যাপী তাণ্ডৱ আৰম্ভ কৰে৷ তেওঁৰ তাণ্ডৱত বিশ্ব কঁপি উঠিল৷ মহাদেৱক শান্ত কৰাবলৈ সকলোপ্ৰকাৰে দেৱতাসকলে চেষ্টা চলায়৷ কিন্তু কোনোৱে মহাদেৱক শান্ত কৰাব নোৱাৰিলে৷ মহাদেৱৰ তাণ্ডৱ বন্ধ কৰিবৰ বাবে অন্যান্য দেৱতাসকলৰ অনুৰোধত বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহৰ ছেদন কৰে৷ সতীৰ দেহৰ ৫১ খণ্ড ভাৰতৰ বিভিন্ন স্থানত পৰিছিল৷ সেই ৫১ স্থানকেই পবিত্ৰ পীঠস্থান শক্তিপীঠ বা সতীপীঠ নামে পাছলৈ পৰিচিত হৈ পৰিল৷ কামাখ্যাও সেই শক্তিপীঠৰ মাজৰে এখন৷
ঋতুমতী দেৱী
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰী আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনিটা পদ শেষ হ’লেই পৃথিৱী বা ধৰিত্ৰী ঋতুময়ী হয়৷ এই সময়ছোৱাতেই অম্বুবাচী পালন কৰা হয়৷ এই উপলক্ষেই কামাখ্যা দেৱালয়ত বিশাল এক মেলাৰো আয়োজন কৰা হয়৷ অম্বুবাচীৰ দিনটোৰ পৰা মুঠ তিনিদিন দেৱী কামাখ্যাৰ মন্দিৰ বন্ধ থাকে৷ সেই তিনিদিন কোনো মাঙ্গলিক কাম কাজ কৰা নহয়৷ চতুৰ্থ দিনা দেৱীক স্নান কৰায় পূজা সম্পূৰ্ণ কৰাৰ পাছতহে দেৱী মূৰ্তি দৰ্শনৰ অনুমতি দিয়া হয় ভক্তক৷ সেই বিশেষ দিনকেইটাত এই স্থানত লাখ লাখ ভক্তই ভিৰ কৰে৷ এই ঘটনাৰ সাক্ষী হ’বলৈকে ভিৰ কৰে দেশী বিদেশী পৰ্যটকে৷ কামাখ্যা মন্দিৰ বন্ধ থাকোতেই চাৰিদিন ধৰি চলে নাম কীৰ্তন৷ অম্বুবাচীৰ শেষ দিনটোত ভক্তই ৰক্তবস্ত্ৰ ল’বলৈ ভিৰ কৰে৷ লোকবিশ্বাস যে সেই ৰক্তবস্ত্ৰ ধাৰণ কৰিলে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰে ভক্তই৷ অম্বুবাচী মেলা আন্তৰ্জাতিক স্তৰতো বিখ্যাত৷ মেলাক কেন্দ্ৰ কৰি যি বিশাল মেলাৰ আয়োজন কৰা হয় সেয়াও কিন্তু চাবলগীয়া৷
যোনি পূজা
কথিত অনুসৰি এই স্থানত সতীৰ দেহত্যাগৰ পাছত বিষ্ণুৰ সুদৰ্শন চক্ৰত যোনি ছিন্ন হৈ পৰিছিল৷ বাৰাণসীৰ বৈদিক ঋষি বাৎস্যায়নৰ খ্ৰীষ্টীয় প্ৰথম শতাব্দীত নেপালৰ ৰজাৰ দ্বাৰস্ত হৈ উপজাতীয় গোষ্ঠীসমূহক হিন্দুধৰ্মত ধৰ্মান্তৰিত আৰু তেওঁলোকক নৰবলি প্ৰথাৰ গ্ৰহণযোগ্য বিকল্প আৰম্ভ কৰাৰ বাবে অনুৰোধ কৰে৷ বাৎস্যায়নৰ মতে, পূব হিমালয়ৰ গাৰো পাহাৰত দেৱীৰ তান্ত্ৰিক পূজা প্ৰচলিত আছিল৷ তাতেই আদিবাসী সকলে দেৱীৰ যোনিক ‘কামাকি’ নামৰ পূজা কৰা হয়৷ ব্ৰাহ্মণ্যযুগত কালিকাপুৰাণত সকলোৱেই দেৱীক মহাশক্তিৰ অংশ বুলি পূজা কৰে৷ সেই হিচাপে কামাখ্যাও মহাশক্তিৰেই অংশ হিচাপে পূজা কৰা হয়৷ এই মন্দিৰ কলা জাদু দূৰ কৰাৰ বাবেও বিখ্যাত৷ বশীকৰণৰ বাবে কামাখ্যাত বহুতেই নানান যাগযজ্ঞ কৰে৷
প্ৰধান মহাশক্তি পীঠসমূহৰ মাজত এই শক্তিপীঠো অন্যতম
কামাখ্যা মন্দিৰ হিন্দুৰ ৫১ শক্তিপীঠৰ অন্যতম৷ দেশৰ প্ৰাচীন মন্দিৰসমূহৰ মাজত এখন হৈছে কামাখ্যা মন্দিৰ৷ আনুমানিক অষ্টম শতাব্দীত এই মন্দিৰ প্ৰতিষ্ঠিত৷ ষোড়শ শতাব্দীত কোচবিহাৰৰ ৰজা নৰনাৰায়ণে এই মন্দিৰ প্ৰতিষ্ঠা কৰা বুলি ইতিহাসত লিখা আছে৷ পৰবৰ্তী সময়ত এই মন্দিৰ আকৌ ন’কৈ সজা হয়৷ মন্দিৰ পুনঃসজ্জাৰ বাবে কোচবিহাৰৰ ৰজাৰ এই মন্দিৰ পুনঃনিৰ্মাণৰ বাবে ৰজা ৰুদ্ৰ সিংহৰ জ্যেষ্ঠ পুত্ৰ শিবা সিংহই কাৰিকৰ হিচাপে নিযুক্তি দিছিল মহন্ত কৃষ্ণৰাম ভট্টাচাৰ্যক৷
মূৰ্তিহীন মন্দিৰ
কামাখ্যা মন্দিৰত চাৰিটা কক্ষ আছে৷ গৰ্ভগৃহ আৰু তিনিটা মণ্ডপ৷ মণ্ডপসমূহৰ নাম হৈছে চলন্ত, পঞ্চৰত্ন আৰু নাটমন্দিৰ৷ গৰ্ভগৃহটো পঞ্চৰথ স্থাপত্যশৈলীত নিৰ্মিত৷ মন্দিৰৰ গৰ্ভগৃহটো প্ৰকৃততে এটা ভূগৰ্ভস্থ গুহাহে৷ তাত কোনোধৰণৰ মূৰ্তি নাই৷ এই গৰ্ভগৃহত আছে কেৱল এটি সৰু গাঁত৷ এই গাঁত প্ৰায় ১০ ইঞ্চি দ৷ এই গাঁত সদায়ে পানীৰে পূৰ্ণ হৈ থাকে৷ অত্যন্ত সৰু আৰু অন্ধকাৰাচ্ছন্ন৷ ইয়াৰোপৰি এই গৰ্ভগৃহতেই আছে যোনিৰ আকৃতিৰ শিলাখণ্ড৷
তান্ত্ৰিকৰ আখৰা
কামাখ্যা মন্দিৰত কলা জাদুৰ পূজাক লৈ এক প্ৰাচীন বিশ্বাস আছে৷ এই মন্দিৰত কলা জাদু কৰা নহয়৷ বশীকৰণো কৰা নহয়৷ কামাখ্যা মন্দিৰ দেৱালয়লৈ গ’লেই কলা জাদু আৰু বশীকৰণৰ পৰা মুক্তি লাভ কৰে বুলি এক লোকবিশ্বাস আছে৷ আশ্চৰ্যৰ বিষয় যে, আজিৰ একবিংশ শতাব্দীতো মানুহে কলা জাদু আৰু বশীকৰণৰ সমস্যাত ভূগে বুলি বহুতেই বহুসময়ত হৈ আহিছে৷ এই সমস্যাৰ পৰা মুক্তি পাবলৈকো বহুতেই এই মন্দিৰত পূজা অৰ্চনা কৰে৷ সাধু, অঘোৰীসকলেও এই মন্দিৰত যাগযজ্ঞ কৰে৷
প্ৰসাদত ৰঙা কাপোৰ
অম্বুবাচীত মন্দিৰৰ গৰ্ভগৃহত এখন বগা ৰঙৰ কাপোৰ পাৰি দিয়া হয়৷ তিনিদিন পাছত সেই কাপোৰ ৰঙা হৈ পৰে৷ সেই কাপোৰেই ভক্তৰ মাজত প্ৰসাদ হিচাপে বিতৰণ কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ