৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে
সামাজিক মাধ্যমত ভিডিঅ ভাইৰেল হৈ আঙে বগা শাৰী পিন্ধা এগৰাকী নাৰীৰ কিছু দৃশ্যাংশ। এটা ভিডিঅত যদি স্বামীৰ কতা কৈছে, আন এটাত শাহুৰ সৈতে লগ হৈ স্বামীৰ বীৰ পদক গ্ৰহণ কৰিছে। সেই বগা সাজ পৰিধান কৰা নাৰী গৰাকীয়েই হৈছে স্মৃতি। যাৰ কাহিনী শুনি এতিয়া অন্য হাজাৰ জনত চকুত চকুপানী।
‘কলেজত থাকোতেই প্ৰেমত পৰিছিলো, আমাৰ প্ৰেম কাহিনী ৮ বছৰ ধৰি চলিছিল, মাত্ৰ ৫ মাহ পূৰ্বে বিয়া হৈছিলো, কিন্তু মই ভবা নাছিলো যে হঠাতে আৰু এনেকৈ মোৰ শীৰৰ সেন্দুৰ মচি যাব। এতিয়া মোৰ হাতত কেৱল তেওঁৰ স্মৃতিবোৰহে আছে। ৮ বছৰ ৫ মাহৰ স্মৃতি, এইবোৰৰ সহায়ত জীৱনটো পাৰ কৰিম। তাৰ সপোন পূৰণ কৰিম। শেষৰ কথা-বতৰা ১৮ তাৰিখৰ নিশা হৈছিল, ব্যক্তিগত কথা-বতৰা আৰু ভৱিষ্যত সম্পৰ্কীয় কিছু কথা-বতৰা হৈছিল যদিও ১৯ তাৰিখে পুৱা সকলো সপোন ছিন্নভিন্ন হৈ পৰিছিল।’
নিশাটোৰ ভিতৰতে সলনি হৈ পৰিছিল জীৱন। আগদিনা সুন্দৰ ভৱিষ্যতৰ কথা, পিছদিনা স্বামীৰ মৃত্যুৰ খবৰ। ৰঙা পোছাক বগা শাৰীলৈ সলনি হৈ গৈছিল। সপোনৰ ঘৰ সজাৰ পূৰ্বেই ত্ৰিৰঙত মেৰিয়াই আহিছিল দুঃ খবৰ।
শ্বহীত কেপ্তেইন অংশুমানৰ পত্নী স্মৃতিৰ কাহিনী এয়া। স্বামীৰ বীৰত্বৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কীৰ্তি চক্ৰৰে সন্মানিত কৰিছিল শ্বহীদ স্বামী কেপ্তেইন অংশুমানক। সেই কীৰ্তি চক্ৰ গ্ৰহণ কৰিছে সদ্য বিবাহিত লগতে সদ্য বিধবা পত্নীয়ে। চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে স্মৃতিৰ এই ভিডিঅ’টো।
অংশুমান পঞ্জাৱ ৰেজিমেণ্টৰ ২৬ নং বেটেলিয়নত আছিল । তেওঁ ভাৰতীয় সেনাৰ মেডিকেল কৰ্পছৰ চিকিৎসক। ২০২৩ চনৰ জুলাই মাহত তেওঁ অপাৰেচন মেঘদূটৰ অংশ হৈ পৰে। ছিয়াচেনত মেডিকেল অফিচাৰ হিচাপে নিযুক্তি পায়। স্বামীৰ সৈতে শেষ কথা-বতৰা হৈছিল ১৮ জুলাইত। নতুন ঘৰ, ল’ৰা-ছোৱালী আৰু ভৱিষ্যতৰ বাবে বহু পৰিকল্পনা কৰা কথা হৈছিল দুয়ো স্বামী-স্ত্ৰীৰ। এটা বছৰ হৈ গল সেই কথা-বতৰাৰ, আজিয়ো মানস পটত স্পষ্ট সকলো।
২০২৩ চনৰ ১৯ জুলাইৰ পুৱা প্ৰায় ৩ বজাত ছিয়াচেনৰ সেনা শিবিৰৰ অস্ত্ৰ মজুত স্থানত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈছিল। বিস্ফোৰণৰ পিছত সংঘটিত হোৱা অগ্নিকাণ্ডই আগুৰি ধৰিছিল ওচৰৰ ঘৰবোৰ। তেনে এটা ঘৰতে আৱদ্ধ হৈ থকা মানুহক বচাওঁতে কেপ্তেইন অংশুমানে প্ৰাণ হেৰুৱাই। অন্য বহু মানুহৰ জীৱন ৰক্ষা কৰে, কিন্তু নিজেই বেয়াকৈ জ্বলি শেষ হৈ যায়। পুৱা ৭ বজাত অংশুমানৰ বলিদানৰ খবৰ আহে আৰু গোটেই পৰিয়ালটোৰ জীৱন সলনি যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















