• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল গান্ধীয়ে কিয় চছমা এৰিলে জানেনে? চকুৰ সমস্যা নহয় এইকেইটা কাৰণতহে চছমা পিন্ধিছিল ৰাহুলে

ৰাহুল গান্ধীয়ে কিয় চছমা এৰিলে জানেনে? চকুৰ সমস্যা নহয় এইকেইটা কাৰণতহে চছমা পিন্ধিছিল ৰাহুলে

2 years ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

23 minutes ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

1 hour ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

2 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

3 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

5 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

6 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুল গান্ধীয়ে কিয় চছমা এৰিলে জানেনে? চকুৰ সমস্যা নহয় এইকেইটা কাৰণতহে চছমা পিন্ধিছিল ৰাহুলে

ৰাহুল গান্ধীয়ে কিয় চছমা এৰিলে জানেনে? চকুৰ সমস্যা নহয় এইকেইটা কাৰণতহে চছমা পিন্ধিছিল ৰাহুলে

editor by editor
July 15, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
ৰাহুল গান্ধীয়ে কিয় চছমা এৰিলে জানেনে? চকুৰ সমস্যা নহয় এইকেইটা কাৰণতহে চছমা পিন্ধিছিল ৰাহুলে
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাহুল গান্ধীয়ে আৰু চছমা নিপিন্ধে৷ চছমা এৰাৰ পৰাই যেন কৰোবাত ৰাহুলৰ জীৱনশৈলীয়েই সলনি হৈ গ’ল৷ চছমা এৰি ৰাহুলে নিজ চকুৰে পৃথিৱীখন চাবলৈ আৰম্ভ কৰাৰ পৰাই যেন দেখিবলৈ আৰম্ভ কৰিলে অন্য এখন পৃথিৱী৷ চছমাৰ সৈতে ৰাহুলৰ অনেক স্মৃতি বিজৰিত হৈ আছে৷ ইন্দিৰা গান্ধীৰ অন্তিম যাত্ৰাত ৰাহুলে পিন্ধি আছিল এযোৰ চছমা৷ তাৰপিছত পিতৃ ৰাজীৱ গান্ধীৰ মৃতদেহৰ কাষত ৰৈ থাকোতেও ৰাহুল গান্ধীৰ চকুত আছিল চছমা৷ চছমাৰ ফ্ৰেম সলনি হ’লেও পিতৃৰ শেষ যাত্ৰাও ৰাহুলে চছমা পিন্ধিয়েই চাইছিল৷ ৰাহুলে তেতিয়া চছমাৰে এই পৃথিৱী দেখিছিল৷

ইয়াৰপাছতেই ৯০ৰ দশকৰ শেষৰ ছবিসমূহত দেখা গৈছিল ৰাহুলে মাতৃৰ হৈ জনতাক ভোট ভীক্ষা কৰিছে৷ জনগণই তেতিয়া ৰাহুলৰ ভগ্নী প্ৰিয়ংকা গান্ধীৰ মাজতহে দেশৰ এগৰাকী ৰাজনৈতিক পৰিপক্ক ব্যক্তি দেখা পাইছিল৷ দেখা পাইছিল ইন্দিৰা গান্ধীক৷ ৰাহুল তেতিয়া তেনেই অপৰিপক্ক এজন যুৱক৷ সকলোৱে অপৰিপক্ক ভৱা ৰাহুলে মাতৃৰ আঁচলত ধৰিয়েই প্ৰথম ৰাজনীতিলৈ আহিল বুলিও বহুতেই চৰ্চা চলালে৷ ৰাহুলে কাহানিও কিন্তু এই সমালোচনাসমূহৰ জৱাব নিদিলে৷ আজিও ৰাহুলে সমালোচনাৰ জৱাব নিদিয়ে৷

৯০ৰ দশকতে ৰাহুলে প্ৰৱেশ কৰিলে সংসদীয় ৰাজনীতিত৷ ভঙা ভঙা হিন্দীৰে এটা দুটা ভাষণ দিয়ে ৰাহুলে৷ ৰাহুলৰ ভাষণৰ সমালোচনাৰে সংবাদৰ পৃষ্ঠা ভৰে৷ তেনেকৈয়ে ৰাহুল আগুৱাই থাকিল৷ হিন্দীও শিকি থাকিল৷ ২০০৪ চন৷ ৰাহুল সেইবাৰ আমেঠিৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ল৷ সমালোচনাৰ জুই থেলি ৰাহুল ওলাই আহিল সাংসদ হৈ৷ ২০০৪ৰ পৰা ২০১৪চনলৈকে এক দশকতকৈ অধিক সময় ৰাহুল সাংসদ হৈ থাকিল৷ আমেঠিৰ জনতাই তেওঁক তিনিবাৰলৈ সাংসদ কৰি দিল্লীলৈ পঠিয়ালে৷ ২০১৪চনত মোদী ঢৌত ৰাহুল যেন আকৌ কৰোবাত অকলশৰীয়া হ’ল৷ অৰ্থাৎ আমেঠিৰ জনতাই উঠাই ল’লে ৰাহুলৰ প্ৰতি থকা সমৰ্থন৷

সাংসদ ৰাহুল কেৱল দলীয় ৰাজনীতিত নিৰ্বাচনী যুঁজতেই সোমাই থাকিল তেনে নহয়৷ ৰাহুলে সংসদৰ ওপৰিও এসময়ত দায়িত্ব লৈছিল যুৱ কংগ্ৰেছৰো৷ তেওঁ যুৱকংগ্ৰেছৰ সাধাৰণ সম্পাদকো হৈছিল৷ অৱশ্যে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে ৰাহুলে বৰ বিশেষকৈ সংগঠনটোক আগুৱাই নিব নোৱাৰিলে যাৰ বাবে দলেই তেওঁৰ পৰা সেই পদবী আঁতৰাই ল’লে৷ ৰাহুল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ থাকোতেই তেওঁ ফালি পেলাইছিল এখন অধ্যাদেশ বা অৰ্ডিনেন্স৷ সমালোচনাৰ পাছত সেইবাৰ ৰাহুল সোমাই পৰিল বিতৰ্কত৷ সেই সময়ৰ পৰাই এটাৰ পাছত আনটো বিতৰ্ক ৰাহুলৰ সৈতে সাঙোৰ খায়েই থাকিল৷

নৰসীমা ৰাও আৰু সীতাৰাম কেশৰী নথকাত ছোনীয়া গান্ধীও যেন কৰোবাত পৰামৰ্শৰ অভাৱত ভূগিছিল৷ যাৰবাবে সিদ্ধান্ত লোৱাত কিছু খেলিমেলিও হৈছিল ছোনীয়াৰ৷ কিন্তু ৰাহুল যেন অন্য ধাতুৰে গঢ়া৷ ৰাহুলে কাহানিও হাৰিব নোখোজে৷ কংগ্ৰেছৰ ১০বছৰীয়া ৰাজত্বকালতেই ৰাহুলে ভালধৰণেই শিকি ল’লে ৰাজনীতিৰ পাঠ৷ বহুতেই ৰাহুলৰ যোগ্যতাক লৈ প্ৰশ্ন কৰি থাকিলেও ৰাহুলে সকলোবোৰৰ উত্তৰ কামেৰেই দি গ’ল৷ ছচিয়েল মিডিয়াত বহু উপহাসৰ চিকাৰো হ’ল ৰাহুল৷

অন্যহাতে ৰাহুলে তেওঁৰ নিজস্ব ৰাজনীতিৰ বাবে দলৰ ভিতৰতো বিভিন্ন সময়ত কন্দলত লিপ্ত হৈছে৷ কংগ্ৰেছৰ ১০ বছৰীয়া ৰাজত্ব শেষ হোৱাৰ পাছতেই শেষ হৈ গৈছিল কংগ্ৰেছৰ গাউণ্ড স্তৰত কাম কৰা লোকো৷ সেই হেৰাই যাব ধৰা মানুহখিনিক ধৰি ৰখাৰ দায়িত্ব যেন কান্ধ পাতি লৈছিল ৰাহুলে৷ মনোবৰ দিছিল কংগ্ৰেছৰ প্ৰতিগৰাকী কৰ্মীক, ‘মই আছো, ভয় নকৰিব৷ আমি আকৌ ক্ষমতা দখল কৰিমেই৷’ মোদী মডেলে ধূলিস্যাৎ কৰি পেলোৱা কংগ্ৰেছ দলৰ কৰ্মীৰ মনত ৰাহুলেই আশাৰ সঞ্চাৰ আনিছিল৷ ৰাহুলৰ তেতিয়ালৈ ভঙা ভঙা ভাষণ নহয়, ৰাহুলৰ ভাষণ হৈ পৰিছিল বহুতৰে বাবে এক মনোবল৷ শুদ্ধ ইংৰাজী, শুদ্ধ হিন্দীত ৰাহুলে দিছিল এটাৰ পাছত আনটো ভাষণ৷

ৰাহুলৰ উঠি অহা ভাৱমূৰ্তি নষ্ট কৰিবৰ বাবে মোদীয়ে সৰ্বতোপ্ৰকাৰেই চেষ্টা চলাইছিল৷ সেই চেষ্টাৰেই মোদীয়ে ৰাহুলক সজাইছিল পাপ্পু৷ ২০১৩ চনত দলৰ সহ সভাপতি আৰু ২০১৭চনত কংগ্ৰেছৰ সভাপতি পদত অধিস্থিত হয় ৰাহুল গান্ধী৷ ২০১৯ চনৰ পৰাজয়ৰ পাছত অৱশ্যে ৰাহুলে নিজেই সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ সেইবাৰ ৰাহুলে হেৰুৱাই আমেঠিৰ আসনো৷ দলৰ ভিতৰতো বাঢ়িব ধৰে বিদ্ৰোহ৷ চিনাকী, চুবুৰীয়া নেতাৰ কণ্ঠতো শুনা গ’ল বিদ্ৰোহৰ সুৰ৷ কপিল ছিবাল, আনন্দ শৰ্মা, মনীশ তিৱাৰী, সন্দীপ দীক্ষিত, গুলাম নবী আজাদ. আৰপিএন সিং, জ্যোতিৰাদিত্য সিন্ধিয়া, জিতিন প্ৰসাদ, বীৰেন্দ্ৰ সিং, অশ্বিনী কুমাৰ আদিকে ধৰি বহু নেতাই ত্যাগ কৰে কংগ্ৰেছ দল৷

কিন্তু ভাৰত জোড়ো যাত্ৰা ৰাহুলৰ ৰাজনৈতিক জীৱনত এক গুৰুত্বপূৰ্ণ মাইলফলক হৈ উঠে৷ এইবাৰেই চছমা খুলিল ৰাহুলে৷ চছমাৰ আঁৰেৰে ৰাহুলে ভাৰতখনক চাবলৈ এৰিলে৷ একেবাৰে নিজা দৃষ্টিৰে ৰাহুলে চাই গ’ল দেশৰ বিভিন্ন কোণ৷ ৰাহুলৰ নতুন দৃষ্টিত ধৰা পৰিল এখন উৱলিব ধৰা সমাজৰ ছবি৷ দেশ সম্পৰ্কে ধাৰণা তেতিয়াই যেন সলনি হ’ল ৰাহুলৰ৷ সলনি হ’ল ৰাহুলৰ ভাষণ৷ প্ৰথমবাৰৰ বাবে ৰাহুলে চুই চালে খেতিয়কৰ দুহাত, চুই চালে দিনহাজিৰা কৰা মানুহৰ দুহাত৷

তেতিয়াৰে পৰাই ন্যায়বিচাৰ ডাঙৰ মন্ত্ৰ হৈ উঠে ৰাহুলৰ৷ নাৰী, অনগ্ৰসৰ শ্ৰেণী, দলিত, সংখ্যালঘূ, আদিবাসী আৰু দৰিদ্ৰৰ অধিকাৰ স্বাৰ্থৰক্ষাৰ বিষয়বোৰত মাত মাতিবলৈ ল’লে ৰাহুলে৷ সংস্কাৰৰ কথা, দুৰ্নীতিক লৈ প্ৰশ্ন কৰা আৰম্ভ কৰিলে ৰাহুলে৷ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবেও বিশেষ আইন অনাৰ কথা ক’বলৈ ল’লে ৰাহুলে৷ দেশৰ বৃহৎ সংখ্যক মানুহৰ কাষত কংগ্ৰেছ সোমাই পৰিল৷ ৰাহুলে সাধাৰণ মানুহক বুজিবলৈ আৰম্ভ কৰিলে৷ সাম্প্ৰতিক সময়ত মুছলমান ভোট যে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ দিশলৈ আহিছে সেয়া আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে এই নিৰ্বাচনত৷

লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছতেই নতুন অৱতাৰ লৈ সকলোৰে সন্মুখত ধৰা দিছে ৰাহুলে৷ এইবাৰ সংসদৰ ভিতৰত বা কোনো মিটিঙতেই ৰাহুলে পৰিধান কৰা নাই চছমা৷ দলৰ মাজত যিসকলৰ বিদ্ৰোহী আছিল তেওঁলোকেও ৰাহুলৰ ওচৰত আত্মসমৰ্পন কৰিছে৷ এতিয়া ৰাহুলৰ আদৰ্শই হৈ উঠিছে কংগ্ৰেছৰ আদৰ্শ৷ ৰাহুলৰ চিন্তাধাৰাই কংগ্ৰেছৰ পাথেয়৷

আজি জয়লাভ কৰা কংগ্ৰেছ দলটো ৰাহুলৰ কংগ্ৰেছ৷ ৰাহুলে নকৈ গঠন কৰা কংগ্ৰেছ৷ কেন্দ্ৰীয় কমিটিতো ৰাহুলৰ মাহাত্ম্য বাঢ়িছে৷ ৰাহুল এতিয়া পাক্কা খিলাড়ী সেই কথা মানি ল’বলৈ বাধ্যও হৈছে৷ ১৫ বছৰীয়া এই সংসদীয় যাত্ৰাত প্ৰথমবাৰৰ বাবে কোনোৱে এবাৰো পাপ্পু শব্দটো ৰাহুলৰ নামৰ সৈতে মাতিবলৈ সাহস কৰা নাই৷ বিৰোধীয়েও কৰা নাই সেই সাহস৷ ছচিয়েল মিডিয়াতো নাই পাপ্পু নামৰ কোনো সমালোচনা৷ এই নিৰ্বাচনত ৰাহুলে কোনো সাক্ষাৎকাৰো দিয়া নাই৷ এতিয়া বিৰোধীৰ  বাবে, সময়ে কঠোৰ কৈ গঢ়ি তোলা ৰাহুল যেন হৈ পৰিছে ত্ৰাসৰ কাৰণো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!
জীৱনশৈলী

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

April 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

April 27, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

April 27, 2026
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

April 27, 2026
Next Post
কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ

কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ

ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?

ফেলকন জেট, ১০০তকৈয়ো অধিক প্ৰাইভেট বিমান বুক! অতিথি অনা নিয়াত কিমান ধন খৰচ কৰিলে আম্বানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.