পুৱাতেই এটা দুখবৰ৷ মন্দিৰলৈ বুলি ওলাই যোৱা কৃষ্ণামণি ডেকা নামৰ যুৱতীগৰাকী হঠাৎ আহিছিল এটা কাপোৰেৰে মেৰিয়াই থোৱা টোপোলাত৷ অৰ্থাৎ কোনোৱে হত্যা কৰি পেলাই থৈ গৈছিল যুৱতীগৰাকীৰ দেহটো৷ এই ঘটনা মঙলদৈৰ বৰ আঠিয়াবাৰীত৷ ঘটনাক লৈ লগে লগেই আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত৷ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই পৰিয়ালৰ লোকৰ ভাষ্যও গ্ৰহণ কৰিছিল আৰক্ষীয়ে৷ কৃষ্ণামণিৰ মাতৃৰ অভিযোগ অনুসৰি প্ৰেমজনিত কাৰণতেই তেওঁলোকৰ জীয়াৰীক হত্যা কৰা হৈছে৷ হত্যাৰ অভিযোগত মাতৃয়ে সন্দেহৰ আঙুলি টোৱাইছিল কৃষ্ণামণিৰ প্ৰেমিক চিণ্টু নাথলৈ৷ প্ৰেমিক চিণ্টু নাথৰ দ্বাৰাই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰি আমাৰ সাংবাদিকৰ আগত মাতৃয়ে দিছিল বিশেষ ভাষ্য৷
কি কৈছিল কৃষ্ণামণিৰ মাতৃয়ে?
‘ঘৰৰ পৰা সোমাবাৰে ছিপাঝাৰৰ নাৰীকলি মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণা মণি৷ মই তাইক বাৰম্বাৰ মানা কৰিছিলো৷ চিণ্টুৰ ওপৰতেই মোৰ সন্দেহ হয়৷ কাৰণ সি অন্য দিনা বাৰে বাৰে ফোন কৰে৷ মোলৈকো ফোন কৰে৷ তাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছত কালি মোক মাত্ৰ এবাৰেই ফোন কৰিছে৷ তেতিয়া সি ফোনত মোক কৈছিল, আমাৰ চকত এটা ডেডবডী ওলাইছে কোন জানো, মই চাব যাও৷ মাইনাৰ ফোনটোও অফ হৈ আছে তাই ফোনটো ধৰা নাই৷ চাই আহো বুলি চিণ্টুৱে কৈছিল৷ অন্যদিনা সি তাইক বাৰে বাৰে ফোন কৰে৷ সন্দেহ কৰে৷ তাই কৰোবাত গ’লেই বাৰে বাৰে ফোন কৰে৷
শনিবাৰে নিশা তাই মোক কৈছিল সোমবাৰে মন্দিৰলৈ যাম৷ লগৰ লগত যাম কৈছিল৷ মই তাইক মানা কৰিছিলো৷ টকা পইছা নাই যাব নালাগে বুলি মই তাইক কৈছিলো৷ মই কঠিয়া ৰুবলৈ গৈ টকা কেইটা পাম তেতিয়া তই মন্দিৰলৈ যাবি বুলি তাইক কৈছিলো৷ কিন্তু তাই মোৰ কথা নুশুনিলে গুচি গ’ল৷ কোনোবাই তাইক ফোন কৰি আছিল বাবে দেউতাককো কৈ গৈছিলো তাইক ক’তো যাব নিদিবি তইয়ো ঘৰত থাকিবি৷ তাইক চাবি৷ চিণ্টু তাইৰ প্ৰথম ভালপোৱা আছিল৷ সি কিন্তু তাইক সকলো সময়তে সন্দেহ কৰি থাকে৷ ক’তো যাব নিদিয়ে৷ তাই অতিষ্ট হৈ লাহে লাহে তাৰপৰা আঁতৰিবও খুজিছিল৷ তাৰ ঘৰৰ সৈতেও আমি কথা বতৰা পাতি প্ৰায় বিয়া ঠিকেই কৰিছিলো৷ তাই বিয়াৰ কথাক লৈ মোক কৈছিল বিয়া হ’লেও তাৰ লগত শান্তিত থাকিব নোৱাৰিম মা৷ তেতিয়া মই তাইক কৈছিলো বিয়াৰ পাছত সি ঠিকো হ’ব পাৰে৷’
শেষ হৈ গ’ল প্ৰেমিক চিণ্টুও
ঘটনাৰ পাছতেই দৰঙৰ আৰক্ষী অধীক্ষকসহ মঙলদৈ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত। কিন্তু তদন্ত আৰম্ভ হোৱাৰ ১২ ঘণ্টা পাৰ নৌহওঁতেই আহিছে আন এক দুঃখবৰ৷ কৃষ্ণামণিৰ মাতৃয়ে সন্দেহৰ আঙুলি টোৱাই দিয়া কৃষ্ণামণিৰ প্ৰেমিকেও ইতিমধ্যে আত্মহত্যা কৰিছে৷ চিণ্টুৰ গাঁৱৰ গাওঁ প্ৰধানে দিয়া ভাষ্য অনুসৰি চিণ্টু যথেষ্ট কৰ্মপটু যুৱক আছিল৷ মাজে মাজে গুৱাহাটীৰ ডিলাৰতো কাম কৰিছিল চিণ্টুৱে৷ ইয়াৰোপৰি চিণ্টুৰ আছিল এখন গাহৰি ফাৰ্ম৷ আজিও গাহৰিৰ বাবে কচু কাটিবলৈ বুলি ওলাই গৈছিল চিণ্টু৷ ওলাই যোৱাৰ পাছত বহুসময়লৈ উভতি নহাত পিতৃয়ে চিণ্টুক বিচাৰি আঁহোতেই চিপ লোৱা অৱস্থাত ধৰা পেলায়৷ তাৰপিছতেই লগে লগেই আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ৷ ঘটনাক লৈ এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীৰ দলে৷ ঘটনাৰ সবিশেষ তথ্য পোষ্টমৰ্টেমৰ পাছতহে প্ৰকাশ কৰিব বুলি আৰক্ষীয়ে জনাইছে বুলিও জনায় গাওঁপ্ৰধানগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ