• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেয়সীৰ দেহ উদ্ধাৰৰ পাছতেই প্ৰেমিকলৈ সন্দেহৰ আঙুলি, কৃষ্ণামণিৰ পাছে পাছে গ’লগৈ প্ৰেমিক চিণ্টুও! ৰহস্য ভেদ হ’বনে?

প্ৰেয়সীৰ দেহ উদ্ধাৰৰ পাছতেই প্ৰেমিকলৈ সন্দেহৰ আঙুলি, কৃষ্ণামণিৰ পাছে পাছে গ’লগৈ প্ৰেমিক চিণ্টুও! ৰহস্য ভেদ হ’বনে?

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

12 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

1 hour ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

4 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

4 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

5 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

6 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

6 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

7 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

8 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

8 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেয়সীৰ দেহ উদ্ধাৰৰ পাছতেই প্ৰেমিকলৈ সন্দেহৰ আঙুলি, কৃষ্ণামণিৰ পাছে পাছে গ’লগৈ প্ৰেমিক চিণ্টুও! ৰহস্য ভেদ হ’বনে?

প্ৰেয়সীৰ দেহ উদ্ধাৰৰ পাছতেই প্ৰেমিকলৈ সন্দেহৰ আঙুলি, কৃষ্ণামণিৰ পাছে পাছে গ’লগৈ প্ৰেমিক চিণ্টুও! ৰহস্য ভেদ হ’বনে?

editor by editor
July 30, 2024
in অসম, জীৱনশৈলী, বিবিধ, লেখা
0
প্ৰেয়সীৰ দেহ উদ্ধাৰৰ পাছতেই প্ৰেমিকলৈ সন্দেহৰ আঙুলি, কৃষ্ণামণিৰ পাছে পাছে গ’লগৈ প্ৰেমিক চিণ্টুও! ৰহস্য ভেদ হ’বনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাতেই এটা দুখবৰ৷ মন্দিৰলৈ বুলি ওলাই  যোৱা কৃষ্ণামণি ডেকা নামৰ যুৱতীগৰাকী হঠাৎ আহিছিল এটা কাপোৰেৰে মেৰিয়াই থোৱা টোপোলাত৷ অৰ্থাৎ কোনোৱে হত্যা কৰি পেলাই থৈ গৈছিল যুৱতীগৰাকীৰ দেহটো৷ এই ঘটনা মঙলদৈৰ বৰ আঠিয়াবাৰীত৷ ঘটনাক লৈ লগে লগেই আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত৷ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই পৰিয়ালৰ লোকৰ ভাষ্যও গ্ৰহণ কৰিছিল আৰক্ষীয়ে৷ কৃষ্ণামণিৰ মাতৃৰ অভিযোগ অনুসৰি প্ৰেমজনিত কাৰণতেই তেওঁলোকৰ জীয়াৰীক হত্যা কৰা হৈছে৷ হত্যাৰ অভিযোগত মাতৃয়ে সন্দেহৰ আঙুলি টোৱাইছিল কৃষ্ণামণিৰ প্ৰেমিক চিণ্টু নাথলৈ৷ প্ৰেমিক চিণ্টু নাথৰ দ্বাৰাই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰি আমাৰ সাংবাদিকৰ আগত মাতৃয়ে দিছিল বিশেষ ভাষ্য৷

কি কৈছিল কৃষ্ণামণিৰ মাতৃয়ে?

‘ঘৰৰ পৰা সোমাবাৰে ছিপাঝাৰৰ নাৰীকলি মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণা মণি৷ মই তাইক বাৰম্বাৰ মানা কৰিছিলো৷ চিণ্টুৰ ওপৰতেই মোৰ সন্দেহ হয়৷ কাৰণ সি অন্য দিনা বাৰে বাৰে ফোন কৰে৷ মোলৈকো ফোন কৰে৷ তাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছত কালি মোক মাত্ৰ এবাৰেই ফোন কৰিছে৷ তেতিয়া সি ফোনত মোক কৈছিল, আমাৰ চকত এটা ডেডবডী ওলাইছে কোন জানো, মই চাব যাও৷ মাইনাৰ ফোনটোও অফ হৈ আছে তাই ফোনটো ধৰা নাই৷ চাই আহো বুলি চিণ্টুৱে কৈছিল৷ অন্যদিনা সি তাইক বাৰে বাৰে ফোন কৰে৷ সন্দেহ কৰে৷ তাই কৰোবাত গ’লেই বাৰে বাৰে ফোন কৰে৷

শনিবাৰে নিশা তাই মোক কৈছিল সোমবাৰে মন্দিৰলৈ যাম৷ লগৰ লগত যাম কৈছিল৷ মই তাইক মানা কৰিছিলো৷ টকা পইছা নাই যাব নালাগে বুলি মই তাইক কৈছিলো৷ মই কঠিয়া ৰুবলৈ গৈ টকা কেইটা পাম তেতিয়া তই মন্দিৰলৈ যাবি বুলি তাইক কৈছিলো৷ কিন্তু তাই মোৰ কথা নুশুনিলে গুচি গ’ল৷ কোনোবাই তাইক ফোন কৰি আছিল বাবে দেউতাককো কৈ গৈছিলো তাইক ক’তো যাব নিদিবি তইয়ো ঘৰত থাকিবি৷ তাইক চাবি৷ চিণ্টু তাইৰ প্ৰথম ভালপোৱা আছিল৷ সি কিন্তু তাইক সকলো সময়তে সন্দেহ কৰি থাকে৷ ক’তো যাব নিদিয়ে৷ তাই অতিষ্ট হৈ লাহে লাহে তাৰপৰা আঁতৰিবও খুজিছিল৷ তাৰ ঘৰৰ সৈতেও আমি কথা বতৰা পাতি প্ৰায় বিয়া ঠিকেই কৰিছিলো৷ তাই বিয়াৰ কথাক লৈ মোক কৈছিল বিয়া হ’লেও তাৰ লগত শান্তিত থাকিব নোৱাৰিম মা৷ তেতিয়া মই তাইক কৈছিলো বিয়াৰ পাছত সি ঠিকো হ’ব পাৰে৷’

শেষ হৈ গ’ল প্ৰেমিক চিণ্টুও

ঘটনাৰ পাছতেই দৰঙৰ আৰক্ষী অধীক্ষকসহ মঙলদৈ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত। কিন্তু তদন্ত আৰম্ভ হোৱাৰ ১২ ঘণ্টা পাৰ নৌহওঁতেই আহিছে আন এক দুঃখবৰ৷ কৃষ্ণামণিৰ মাতৃয়ে সন্দেহৰ আঙুলি টোৱাই দিয়া কৃষ্ণামণিৰ প্ৰেমিকেও ইতিমধ্যে আত্মহত্যা কৰিছে৷ চিণ্টুৰ গাঁৱৰ গাওঁ প্ৰধানে দিয়া ভাষ্য অনুসৰি চিণ্টু যথেষ্ট কৰ্মপটু যুৱক আছিল৷ মাজে মাজে গুৱাহাটীৰ ডিলাৰতো কাম কৰিছিল চিণ্টুৱে৷ ইয়াৰোপৰি চিণ্টুৰ আছিল এখন গাহৰি ফাৰ্ম৷ আজিও গাহৰিৰ বাবে কচু কাটিবলৈ বুলি ওলাই গৈছিল চিণ্টু৷ ওলাই যোৱাৰ পাছত বহুসময়লৈ উভতি নহাত পিতৃয়ে চিণ্টুক বিচাৰি আঁহোতেই চিপ লোৱা অৱস্থাত ধৰা পেলায়৷ তাৰপিছতেই লগে লগেই আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ৷ ঘটনাক লৈ এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীৰ দলে৷ ঘটনাৰ সবিশেষ তথ্য পোষ্টমৰ্টেমৰ পাছতহে প্ৰকাশ কৰিব বুলি আৰক্ষীয়ে জনাইছে বুলিও জনায় গাওঁপ্ৰধানগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
Next Post
চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?

চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?

‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়…!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

‘নিজৰেই জাতৰ ঠিক নথকা মানুহে জাতিগত লোকপিয়লৰ কথা কয়...!’ ৰাহুলক টাৰ্গেট কৰি অনুৰাগ ঠাকুৰৰ মন্তব্যত তোলপাৰ সদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.