অসম লাইভ ২৪ঃ বলীউডৰ খ্যাতনামা অভিনেত্ৰী ৰেখাৰ আজি ৬৬ সংখ্যক জন্মদিন। ১৯৫৪ চনৰ ১০ অক্টোবৰত চেন্নাইত জন্ম হৈছিল ৰেখাৰ। ৰেখাই নিজৰ ফিল্মী কেৰিয়াৰত বহু উত্থান-পতন দেখিছে। ৬৬ বছৰ হোৱাৰ পাছতো ৰেখাৰ সৌন্দর্য পূর্বৰ দৰে অক্ষুণ্ণ আছে। তেওঁৰ সৌন্দর্যই আজিও অন্য অভিনেত্ৰীৰ সৌন্দর্য ম্লান কৰি দিয়ে। ৰেখাই ছবিজগতৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে বহুবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছে, যি পৰিস্থিতিত তেওঁ ভাগি পৰিছিল। তথাপিও ৰেখাই কেতিয়াও হাৰ মনা নাই। আহক আজি ৬৬ বছৰীয়া জন্মদিনত ৰেখাৰ জীৱনৰ কিছু বিশেষ কথা জানি লওঁ। ১৯৬৬ চনত দাক্ষিণাত্যৰ ছবি ‘ৰংগুলা ৰত্তম’ৰ জৰিয়তে অভিনয়ৰ পাতনি মেলিছিল ৰেখাই। বর্তমানলৈকে ১৭৫খন হিন্দী আৰু দাক্ষিণাত্য ছবিত অভিনয় কৰিছে ৰেখাই। সেই ছবিসমূহৰ ভিতৰত খুবচুৰত, খুন ভৰি মাংগ, খুন ঔৰ পচিনা, মুকদ্দাৰ বা চিকন্দৰ, উমৰাওজং তেওঁৰ অতি সফল ছবি। ৩বাৰকৈ ফিল্ম ফেয়াৰ বটাঁৰ লগতে ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডো লাভ কৰিছিল ৰেখাই। ভাৰত চৰকাৰে ৰেখাক পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে। ৰেখাৰ পিতৃ জেমিনি গণেশান দাক্ষিণাত্যৰ অভিনেতা আছিল। পিতৃৰ চাৰিবাৰকৈ বিবাহ হৈছিল যদিও ৰেখাৰ মাতৃৰ পুষ্পাৱলীক কেতিয়াও পত্নীৰ মর্যাদা দিয়া নাছিল। আৰু ৰেখাকো নিজৰ সন্তান বুলি স্বীকাৰ কৰা নাছিল। ১৯৯০ চনত ৰেখাই দিল্লীৰ উদ্যোগপতি মুকেশ আগৰৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু সেই বিবাহ বেছিদিন বর্তি নাথাকিল। কিছুদিন পাছতে দুয়োৰে বিবাহ বিচ্ছেদ হয়। পৰৱর্তী সময়ত মুকেশ আগৰৱালে আত্মহত্যা কৰে। কিন্তু ৰেখাই আজিও শিৰত সেন্দুৰ লয়। ৰেখাই বিবাহৰ পূর্বেই ঋষিকাপুৰ আৰু নিতু সিঙৰ বিবাহত সেন্দুৰ লগাই গৈছিল। ২০০৮ চনত এক এৱার্ড শ্ব’তো ৰেখাই সেন্দুৰ লগাই গৈছিল। ৰেখা বৈধব্য হোৱাৰ পাছতো কিয় সেন্দুৰ লগাই, তাৰ ৰহস্য আজিও জানিব পৰা নাই। ৰেখাৰ জীৱনত নবীন নিচ্চাল, জিতেন্দ্ৰ, বিনোদ মেহেৰা, বিশ্বজিৎ আৰু শত্ৰুঘ্ন সিনহাৰ দৰে অভিনেতাৰ লগত প্ৰেমৰ সম্পর্ক আছিল। কিন্তু বিগ বি অমিতাভ বচ্চনৰ সৈতে ৰেখাৰ সম্পর্ক আছিল সকলোতকৈ ঘনিষ্ঠ। দুয়োৰে মাজত কি সম্পর্ক আছিল, সেয়া আজিও সকলোৰে বাবে ৰহস্য। আজিও যিকোনো অনুষ্ঠানত ৰেখা আৰু অমিতাভ বচ্চন উপস্থিত থাকে, তেতিয়া সকলোৰে দৃষ্টি থাকে দুয়োৰে ওপৰত। অমিতভা বচ্চন আৰু ৰেখাৰ শেষ ছবি আছিল ‘চিলচিলা’। য’ত জয়া বচ্চনেও অভিনয় কৰিছিল। কোৱা হয় যে সেইখন ছবি অমিতাভ বচ্চন, জয়া আৰু ৰেখাৰ প্ৰকৃত জীৱনৰ ওপৰত আধাৰিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ