অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ
২৫ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ একক শাখাৰ ফাইনেলত পদক হেৰুৱালে ভাৰতৰ মনু ভাকেৰ। তৃতীয় পদক লাভ কৰিব নোৱাৰিলে মনু ভাকেৰে। ইতিমধ্যে পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰি ইতিহাস ৰচিছিল। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে অলিম্পিকত মনুৱে লাভ কৰিছে দুটাকৈ ব্ৰঞ্জ।
আজি শনিবাৰে তৃতিয়টো পদক লাভৰ আশা কৰিছল সকলোৱে। সেই উদ্দেশ্য ভাল খেলি আগবাঢ়ি আছিল মনু। পাছে অৱশেষত ২৫ মিটাৰ এয়াৰ পিষ্টলত চতুৰ্থ স্থান দখল কৰি অভিযান সামৰে ভাৰত কন্যাগৰাকীয়ে।
মুঠ ১০ টা ৰাউণ্ড মাৰিব লাগিছিল ফাইনেল প্ৰতিযোগিতাত। প্ৰতিটো ৰাউণ্ডত আছিল ৫টা কৈ শ্বট। তিনিখন ছিৰিজৰ অন্তত আৰম্ভ হৈছিল এলিমিনেচনৰ ৰাউণ্ড। মনুৱে ২৮ ৰান সংগ্ৰহ কৰি আঠটা ছিৰিজৰ পিছত চতুৰ্থ স্থান দখল কৰে। অৰ্থাৎ মনুৰ ৪০ টা শ্বটৰ ভিতৰত ২৮ টা শ্বট গ্ৰীণ হৈছিল। বাকীবোৰ লক্ষ্যত আঘাত কৰা নাছিল।
অষ্টম ছিৰিজত তৃতীয় স্থানৰ মনু আৰু হাংগেৰীৰ চতুৰ্থ স্থানত থকা ভেৰ’নিকা মেজৰৰ মাজত যুদ্ধ হৈছিল। এই ছিৰিজত মনুৱে তিনিটা শ্বট মিছ কৰাৰ বিপৰীতে ভেৰ’নিকাই দুটা শ্বট মিছ কৰি তিনিটা শ্বট টাৰ্গেটত আঘাত কৰি মনুতকৈ আগবাঢ়ি যায়। এইদৰে মনু পদক হেৰুৱাই আৰু ভেৰ’নিকাই ব্ৰঞ্জৰ পদক দখল কৰে। এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ জিন ইয়াঙে স্বৰ্ণ পদক আৰু ফ্ৰান্সৰ কেমিলে ৰূপৰ পদক লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ