পেৰিছ অলিম্পিৰক বৃহৎ ধাক্কা খাইছে বিনেশ ফোগেটে৷ তেওঁক আৰু সোণ যুদ্ধত নামিবলৈ দিয়া নহ’ব৷ মহিলাৰ ৫০ কেজি শাখাত প্রথমগৰাকী ভাৰতীয় মল্লযুঁজাৰু হিচাপে ফাইনেল খেলাৰ সুযোগ আহিছিল বিনেশৰ হাতলৈ৷ কিন্তু বুধবাৰে তেওঁৰ ওজন জোখোতেই বেমেজালিৰ সৃষ্টি হয়৷ তাতেই ১০০ গ্ৰাম ওজন বেছি হৈছে বিনেশৰ৷ সেয়ে বিনেশক ফাইনেলত নামিবলৈ দিয়া নহ’ব৷
ইণ্ডিয়ান অলিম্পিৰ এছোচিয়েছন এক বিবৃত্তিত জনোৱা অনুসৰি, ‘অত্যন্ত দুঃখৰ সৈতে ভাৰতীয় দলৰ পক্ষৰ পৰা জনোৱা হৈছে যে মল্লযুঁজত মহিলাৰ ৫০ কেজি ফাইনেলৰ পৰা বিনেশ ফোগাট বাতিল হৈ পৰিছে৷ ভাৰতীয় দলৰ পক্ষৰ পৰা নিশা তেওঁৰ বঢ়া ওজন কমাবলৈ যত্ন কৰা হৈছিল৷ কিন্তু আজি পুৱা তেওঁৰ ওজন ৫০ কেজিতকৈ প্ৰায় ১০০ গ্ৰাম বেছি হৈছে৷ এতিয়া ভাৰতীয় দলৰ পক্ষৰ পৰা আৰু অধিক তথ্য জনাব পৰা নাযাব৷’
মল্লযুঁজত ৫০ কেজি বিভাগত বিনেশৰ ইভেণ্ট নহয়৷ তেওঁ পূৰ্বে খেলিছিল ৫৩ কেজি বিভাগত৷ কিন্তু দিল্লীৰ ৰাজপথত আন্দোলনত চামিল হোৱাৰ পাছত বিনেশে ৫৩ কেজিৰ ট্ৰায়েললৈ যাব নোৱাৰিলে৷ তাৰ পাছতেই তেওঁ ৫০ কেজিৰ শাখাত খেলিবলৈ সুযোগ পায়৷ আন্দোলনৰ বাবে দীৰ্ঘ দিন ধৰি অনুশীলনৰ পৰা বিৰত আছিল বিনেশ৷ খেলোৱৈৰ জীৱনৰ অনুশাসনৰ মাজত নিজকে ধৰি ৰাখিব পৰা নাছিল বিনেশে৷
মঙলবাৰে ফাইনেলত উঠাৰ পথত বিগত বৰ্ষৰ সোণজয়ী ইউ ছুছাকিক প্ৰি-কোৱাৰ্টাৰ ফাইনেলত হৰুৱাইছে বিনেশে৷ তাৰ পাছৰ মেচত ইউক্ৰেইনৰ ৱাকছানা লিভাচক ৭-৫ পয়েণ্টত হৰুৱাই ছেমিফাইনেলত উঠিছিল বিনেশ৷ ছেমিফাইনেলত কিউবাৰ গুজমান লোপেজক হৰুৱাই বিনেশে প্ৰৱেশ কৰিছিল ফাইনেলত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ