তীজ উপলক্ষে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ, মহিলালৈ ৫০০ টকাত চিলিণ্ডাৰ
হৰিয়ালী তীজ উপলক্ষে বৃহৎ ঘোষণা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ। ৪৬ লাখ পৰিয়ালৰ সহায় হোৱাকৈ হাৰিয়ানা চৰকাৰৰ বৃহৎ ঘোষণা। মাত্ৰ ৫০০ টকাতে মহিলা সকললৈ ৰন্ধন গেছ। উজ্জলা যোজনাৰ অধীনত এই লাভ পাব মহিলাসকলে।
জিন্দ জিলাত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে। হৰিয়ালী তীজ উপলক্ষে ৰাজ্যৰ মহিলা সকলক এক ডাঙৰ উপহাৰ দিয়ে।
মহিলা আৰু কন্যাৰ বাবে মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে কয় যে হাৰিয়ানাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত এতিয়া হিতাধিকাৰী পৰিয়ালে মাত্ৰ ৫০০ টকাতে গেছ চিলিণ্ডাৰ লাভ কৰিব। ইয়াৰ দ্বাৰা ১.৮০ লাখ টকাতকৈ কম আয়ৰ ৰাজ্যৰ প্ৰায় ৪৬ লাখ পৰিয়াল উপকৃত হ’ব।
ইয়াৰ উপৰিও প্ৰায় ৩০ হাজাৰ মহিলাক কোঠলী উপহাৰ দিয়াৰ সময়তে মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে আত্মসহায়ক গোটক ১০০ কোটি টকাৰ সুতমুক্ত ঋণ দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে ঘোষণা কৰে যে মুখ্যমন্ত্ৰী গাখীৰ উপহাৰ আঁচনিৰ অধীনত এতিয়া বিদ্যালয়ত অধ্যয়ন কৰা ১৪ৰ পৰা ১৮ বছৰ বয়সৰ কন্যাসকলৰ মাজত পুষ্টিহীনতা ৰোধ কৰিবলৈ তেওঁলোকক ১৫০ দিনৰ বাবেও ফাৰ্টিফাইড গাখীৰ দিয়া হ’ব। ইয়াৰ দ্বাৰা ২.৬৫ লাখ কিশোৰী ছোৱালী উপকৃত হ’ব।
হাৰিয়ানা মাতৃশক্তি উদ্যোগীকৰণ আঁচনিৰ অধীনত স্বনিয়োজন স্থাপনৰ বাবে দিয়া ঋণৰ পৰিমাণ ৩ লাখৰ পৰা ৫ লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। দৈনন্দিন প্ৰয়োজনৰ বাবে আত্মসহায়ক গোটসমূহক দিয়া ঘূৰ্ণনীয় পুঁজিৰ পৰিমাণ ২০ হাজাৰৰ পৰা ৩০ হাজাৰলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰিও গ্ৰুপ সাখীৰ মাহিলী সন্মানীয় ধন ১৫০ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















