• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত

৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত

2 years ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

36 minutes ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

1 hour ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

2 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

2 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

2 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

3 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

3 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

4 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

4 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

21 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

22 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত

editor by editor
August 15, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯৮ মিনিট ধৰি ভাষণ, ২০৪৭ ক লৈ বিশেষ লক্ষ্য, কি কি বিশেষ ভাষণত

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। একেলেথাৰিয়ে ১১ বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত উৰুৱালে ভাৰতৰ জাতীয় পতাকা। জাতীয় পতাকা উত্তোলন কৰি নৰেন্দ্ৰ মোদীয়ে চাৰ্জিকেল ষ্ট্ৰাইক, প্ৰাকৃতিক দুৰ্যোগ আদিকে ধৰি বহু বিষয়ৰ ওপৰত ভাষণ দিয়ে। লগতে ২০৪৭ চনৰ ভাৰতক লৈ দেখা সপোনৰ সম্পৰ্কেও কথা কয় নৰেন্দ্ৰ মোদীয়ে।

৯৮ মিনিট ধৰি আজিৰ স্বাধীৱতা দিৱস উপলক্ষে বিশেষ ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ ভাষণত দেশৰ জনতাক কেইবাবাৰো নিজৰ পৰিয়াল বুলি উল্লেখ কৰে। কি কি বিশেষ আছিল আজিৰ ভাষণৰ-

‘আমি বুদ্ধৰ দেশ, যুদ্ধ আমাৰ পথ নহয়’
লালকিল্লাৰ পৰাই দেশৰ প্ৰত্যাহ্বানৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে দেশৰ ভিতৰত আৰু বাহিৰত বহু প্ৰত্যাহ্বান আছে। মই এনে শক্তিক ক’ব বিচাৰো যে ভাৰতৰ উন্নয়নে কাৰো বাবে কোনো সংকট কঢ়িয়াই নিদিয়ে। আমি যেতিয়া পৃথিৱীত সমৃদ্ধিশালী হৈ আছিলো তেতিয়াও আমি কেতিয়াও পৃথিৱীখনক যুদ্ধলৈ লৈ যোৱা নাছিলো। আমি বুদ্ধৰ দেশ, যুদ্ধ আমাৰ পথ নহয়।

মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ কথা উল্লেখ
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘দেশত কিছু চিন্তাৰ বিষয়। মই ইয়াৰ পৰাই মোৰ দুখ প্ৰকাশ কৰিব বিচাৰিছো। সমাজ হিচাপে আমি আমাৰ মা, ভগ্নী, কন্যাৰ ওপৰত যি অত্যাচাৰ ঘটি আছে, সেই বিষয়ে চিন্তা কৰিব লাগিব। ৰাজ্য চৰকাৰসমূহে এই কথাটো গুৰুত্বসহকাৰে ল’ব লাগিব৷ নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ তদন্ত অতি সোনকালে কৰি দানৱীয় কাণ্ড সংঘটিত কৰা লোকসকলক অতি সোনকালে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

‘নেপোটিজম আৰু জাতিবাদৰ দ্বাৰা গণতন্ত্ৰৰ ক্ষতি হৈছে’
প্ৰধানমন্ত্ৰীয়ে কয় যে গণতন্ত্ৰৰ ক্ষতি হৈছে নেপোটিজিম আৰু জাতিবাদৰ বাবে। ইয়াৰ পৰা আমি দেশক মুক্ত কৰিব লাগিব। আমাৰ এটা মিছন হৈছে এনে এক লাখ লোকক আগুৱাই অনা, যিসকলৰ পৰিয়ালত কোনো ৰাজনৈতিক পটভূমি নাই। ইয়াৰ দ্বাৰা দেশখন নেপটিজিম আৰু জাতিবাদৰ পৰা মুক্ত হ’ব। ইয়াৰ দ্বাৰা নতুন নতুন ধাৰণা চৰ্চালৈ আহিব।

‘এক জাতি, এক নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল আগবাঢ়ি আহিব লাগে’
প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰতিটো কামতে নিৰ্বাচনে ৰং সানিছে। সকলো ৰাজনৈতিক দলে নিজৰ মতামত প্ৰকাশ কৰিছে। এখন কমিটীয়ে নিজৰ প্ৰতিবেদন প্ৰস্তুত কৰি আছে। এক জাতি, এক নিৰ্বাচনৰ বাবে আগবাঢ়ি আহিব লাগিব দেশ। ভাৰতৰ প্ৰগতিৰ বাবে এক জাতি, এক নিৰ্বাচনৰ সপোন বাস্তৱায়িত কৰিবলৈ ৰাজনৈতিক দলসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো।

‘দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখন সততাৰে চলি থাকিব’
প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখন সততাৰে অব্যাহত ৰখাৰ দায়বদ্ধতা প্ৰকাশ কৰি কয় যে আমাৰ প্ৰতিজন দেশবাসীয়ে দুৰ্নীতিৰ টেৰমাইটে অশান্তি দিছে, সেয়েহে আমি দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপকভাৱে যুদ্ধ আৰম্ভ কৰিলোঁ। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ মূল্য তেওঁ দিব লাগিব কিন্তু তেওঁৰ সুনাম জাতিতকৈ ডাঙৰ হ’ব নোৱাৰে।

বাংলাদেশ সন্দৰ্ভত কি ক’লে
মোদীয়ে বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক হ’ব আৰু তাত থকা হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত হ’ব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে বাংলাদেশৰ উন্নয়ন যাত্ৰাৰ বাবে শুভকামনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘চুবুৰীয়া দেশ হিচাপে বাংলাদেশত যি ঘটিছে তাক লৈ আমি চিন্তিত হোৱাটো স্বাভাৱিক। ১৪০ কোটি দেশবাসীৰ চিন্তা হৈছে হিন্দু আৰু সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰা।

কৃষি খণ্ডত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা
কৃষি খণ্ডত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে কৃষকৰ জীৱন উন্নত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা চলাইছে। ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত মাটিৰ স্বাস্থ্যৰ অৱনতি ঘটাক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে। প্ৰাকৃতিক খেতিৰ প্ৰসাৰৰ বাবে চৰকাৰে কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে এনে কৃষি পদ্ধতিৰ বাজেট আবণ্টনো বৃদ্ধি কৰা বুলিও তেওঁ কয়। ভাৰত বিশ্বৰ জৈৱিক খাদ্য শস্য উৎপাদক হ’ব পাৰে বুলি আস্থা প্ৰকাশ কৰে মোদীয়ে। তেওঁ কয়, ‘আমাৰ কৃষি ব্যৱস্থাত পৰিৱৰ্তন অনাটো অতি প্ৰয়োজনীয়।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Independence Day 2024independent dayindiaIndia Independencepm narendra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

May 30, 2026
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?
বিনোদন

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

May 30, 2026
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ
অসম

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

May 30, 2026
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?
বিনোদন

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

May 30, 2026
Next Post
সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন

সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন

লজ্জিত দেশ, ৫ দিন ধৰি বেলজিয়ামৰ মহিলাৰ সৈতে…, শেষত হাত বা/ন্ধি পেলাই দিলে পথত

লজ্জিত দেশ, ৫ দিন ধৰি বেলজিয়ামৰ মহিলাৰ সৈতে..., শেষত হাত বা/ন্ধি পেলাই দিলে পথত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.