সোমবাৰে ২৬ আগষ্টৰ পৰা আৰম্ভ হৈছে এই মাহৰ শেষৰটো সপ্তাহ৷ আগন্তুক সপ্তাহত মিথুন ৰাশিত গোচৰ কৰিব মঙ্গলে৷ তাতেই অৱস্থান কৰিব চন্দ্ৰইয়ো৷ চন্দ্ৰ আৰু মঙলে একেলগে মিথুন ৰাশিত অৱস্থান কৰি গঠিত হ’ব ধনযোগ৷ বৈদিক জ্যোতিষ অনুসৰি ধন যোগত অত্যন্ত শুভ আৰু আৰ্থিক সমৃদ্ধি লাভৰ বাবে কাৰ্যকৰী৷ কোষ্ঠীত ধনযোগ গঠিত হ’লে জাতকৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হয়৷ সকলো কামতে সৌভাগ্যক কাষত পাব আপুনি৷ জানি থওক ২৬ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰ পৰ্যন্ত এই সপ্তাহৰ ধন যোগৰ প্ৰভাৱত প্ৰচুৰ লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?
বৃষ ৰাশি
আগষ্টৰ শেষ সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ এই সপ্তাহৰ আৰম্ভণিতে আপুনি কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব আপুনি৷ কাৰ্যালয়ত নিজৰ কামৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষৰ পৰা সুনাম লাভ কৰিব৷ কোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ এই সপ্তাহত উপাৰ্জন বৃদ্ধিৰো যোগ আছে৷
মিথুন ৰাশি
২৬ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত এই সপ্তাহত নতুন চাকৰি পাব পাৰে মিথুন ৰাশিৰ জাতকে৷ কাৰ্যালয়ত পদোন্নতি পাব পাৰে বা পছন্দৰ স্থানলৈ বদলি হ’ব পাৰে৷ চৰকাৰী কামত আপোনাৰ সন্মুখত কোনো বাধা থাকিলে এইবাৰ সকলো সমস্যা দূৰ হ’ব পাৰে৷ কামৰ প্ৰয়োজনত বিদেশ যাত্ৰাৰ সুযোগ পাব৷ দাম্পত্য জীৱনত সুখ আহিব৷ স্বাস্থ্য ভালে থাকিব৷
কৰ্কট ৰাশি
আগষ্টৰ শেষ সপ্তাহত নানান দিশৰ পৰা লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কোনো দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰাই আপোনাৰ কেৰিয়াৰলৈ লাভজনক খবৰ আনিব৷ আগন্তুক সপ্তাহত কৰ্কট ৰাশিৰ জাতকৰ মনৰ ইচ্ছা পূৰণ হ’ব৷ নিজৰ সকলো কাম আপুনি সময়ত সম্পূৰ্ণ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন পাব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবে এই সময় অত্যন্ত শুভ৷
কন্যা ৰাশি
কন্যা ৰাশিত জাতকৰ ধন যোগৰ প্ৰভাৱত আগষ্টৰ শেষ সপ্তাহত লাভেই লাভ৷ কেৰিয়াৰ সংক্ৰান্তীয় সকলো সমস্যা এই সময়ত দূৰ হ’ব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক সহায়ৰ বাবে আগুৱাই আহিব৷ পাবলগীয়া ধন লাভ কৰিব৷ এই সময়ত কন্যা ৰাশিৰ জাতকৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সফলতা অৰ্জন কৰিব৷ সপ্তাহত যি কামতেই হাত নিদিয়ক কিয় সফলতা পাবই৷
বৃশ্চিক ৰাশই
আগন্তুক সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুল খাব৷ সপ্তাহৰ আৰম্ভণিতেই চৰকাৰি কোনো প্ৰকল্পৰ পৰা আপুনি লাভৱান হ’ব পাৰে৷ চৰকাৰী কোনো কামত লাগি থাকিলে এইবাৰ সফলতা আহিবই৷ কাৰ্যালয়ত আপোনাৰ শত্ৰুক আপুনি পৰাজিত কৰিব পাৰিব৷ নিজৰ বুদ্ধি আৰু কৰ্মদক্ষতাৰে পৰাস্ত কৰিব পাৰিব আপুনি৷ সপ্তাহৰ ওপৰিও পেছাগত জীৱনত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ মাটি, ঘৰ, সংক্ৰান্তীয় কোনো লাভজনক চুক্তি কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ