গুজৰাটৰ দ্বাৰকালৈ গৈ সমুদ্ৰৰ গভীৰতালৈ গৈ শ্ৰীকৃষ্ণৰ পুজা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ হিন্দু পুৰাণ মতে, আৰৱ সাগৰৰ তীৰত থকা দ্বাৰকা চহৰ এক সময়ত শ্ৰীকৃষ্ণৰ বাসস্থান আছিল৷ সেই চহৰতেই আছে দ্বাৰকাধীশ মন্দিৰ৷ দেওবাৰে তাত গৈ প্ৰাৰ্থনা কৰে মোদীয়ে৷ দ্বাৰকা চহৰত গৈ শ্ৰীকৃষ্ণক ভক্তি অৰ্পণ কৰি ঐশ্বৰিক অভিজ্ঞতা বুলি উল্লেখ কৰিছে মোদীয়ে৷ কৈছে, ‘আধ্যাত্মিক মহিমাৰ এক প্ৰাচীন যুগৰ সৈতে সংযোগ’ অনুভৱ কৰিছে৷
এক্স হেণ্ডেলত সমুদ্ৰৰ তলত পুজা কৰাৰ ছবি পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘পানীৰ তলত ডুব যোৱা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাটোও এক ঐশ্বৰিক অভিজ্ঞতা৷ মই আধ্যাত্মিক মহিমা আৰু ভক্তিৰ এক প্ৰাচীন যুগৰ সৈতে সংযোগ অনুভৱ কৰিছো৷ ভগবান শ্ৰীকৃষ্ণই আমাক সকলোকে আশীৰ্বাদ কৰক৷’ প্ৰধানমন্ত্ৰীয়ে ‘শ্ৰী কৃষ্ণৰ হেৰুওৱা চহৰ’ অন্বেষণ কৰিবলৈ যোৱাৰ ছবি বিগত দেওবাৰেই প্ৰকাশ কৰিছে৷ সেই ছবিসমূহত মোদীক গেৰুৱা বস্ত্ৰ পৰিধান কৰাৰ ওপৰিও হাতত ময়ূৰৰ পাখি হৈ আৰৱ সাগৰত ডুব দিয়া দেখা গৈছে৷ স্কুবা ডাইভিং কৰি দ্বাৰকা নগৰীৰ দৰ্শণ কৰিছে মোদীয়ে৷ নিৰাপত্তাৰ বাবে তেওঁৰ সৈতে আছিল স্কুবা প্ৰশিক্ষক৷ সমুদ্ৰৰ তলত পূজা কৰাৰ ছবিও ইনষ্টাগ্ৰাম আৰু টুইটাৰত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ সমুদ্ৰৰ তলত পূজা কৰাৰ ওপৰিও ময়ূৰৰ পাখি শ্ৰীকৃষ্ণক অৰ্পণ কৰিছে মোদীয়ে৷ সেই পাখি সমুদ্ৰৰ তলত পুতি আহিছে মোদীয়ে৷
পুৰাণ অনুসৰি দ্বাৰকাৰ সৈতে ওতপ্ৰোতভাৱে যুক্ত আছিল শ্ৰীকৃষ্ণ৷ কংসক নিধন কৰাৰ পাছত দ্বাৰকালৈ গৈ বসতি পাতিছিল কৃষ্ণই৷ হিন্দু বিশ্বাস অনুসৰি কৃষ্ণই পৃথিৱীৰ পৰা বিদায় লোৱাৰ পাছত দ্বাৰকা চহৰক গ্ৰাস কৰে সমুদ্ৰই৷ দ্বাৰকা দৰ্শনৰ পাছত মোদীয়ে এখন সমাবেশত অংশ লয়৷ তাত ভাষণ দিয়াৰ সময়ত প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘আদি মই সেই মুহূৰ্তক অনুভৱ কৰিছো যিয়ে মোৰ মনত চিৰকাল থাকি যাব৷ মই সমুদ্ৰৰ গভীৰলৈ গৈ প্ৰাচীন দ্বাৰকা চহৰ দৰ্শন কৰিছো৷ প্ৰত্নতাত্ত্বিকেও পানীৰ তলত থকা দ্বাৰকা চহৰ সম্পৰ্কে বহু তথ্য প্ৰদান কৰিছে৷ আমাৰ ধৰ্মগ্ৰন্থতো, দ্বাৰকা সম্পৰ্কে বহু তথ্য আছে৷ কোৱা হয়, এই চহৰত এক সুন্দৰ প্ৰৱেশদ্বাৰ আছিল৷ চহৰখনত আছিল ওখ ওখ ভৱন৷ ভগৱান কৃষ্ণই নিজেই এই চহৰৰ ডিজাইন কৰিছিল৷ সমুদ্ৰৰ গভীৰতাত গৈ মই ঈশ্বৰক অনুভৱ কৰিছো৷ দ্বাৰকাধীশক প্ৰণাম কৰিছো৷ মই লগত লৈ যোৱা ময়ূৰ পাখি তেওঁৰ দুভৰিত অৰ্পণ কৰি আহিছো৷ মই সকলোসময়তে দ্বাৰকা যোৱাৰ এক সপোন কঢ়িয়াইছিলো৷ সেই পবিত্ৰ ভূমি স্পৰ্শ কৰিব বিচাৰিছিলো৷ আজি মোৰ আৱেগ পৰিপূৰ্ণ৷ এক দশকৰ পুৰণি সেই সপোন পূৰণ হ’ল৷’
দ্বাৰকাধীশ মন্দিৰৰ পুজা কৰিবলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ সুদৰ্শন সেতু উদ্বোধন কৰে৷ এয়া দেশৰ দীৰ্ঘতম কেবল সেতু৷ ২.৩২ কিঃমিঃ দীৰ্ঘ সেতুৱে উখা আৰু ভেট দ্বাৰকাক যুক্ত কৰিছে৷ চাৰি লেনৰ সেতুখন প্ৰায় ২৭.২০ মিটাৰ দীঘল৷ প্ৰতিটো লেনৰ সৈতে আছে প্ৰায় ২.২০ মিটাৰ বহল ফুটপাথ৷ সেতুৰ দুইফালে আছে শ্ৰীকৃষ্ণৰ প্ৰতিমূক্তি৷ ২০১৭ চনত এই সেতুৰ আধাৰশীলা স্থাপন কৰিছিল মোদীয়ে৷ সুদৰ্শন সেতু নিৰ্মাণত খৰচ হৈছিল ৯৭৯ কোটি টকা৷ সূত্ৰৰ খবৰ অনুসৰি এই সেতুৰ ওপৰত সৌৰবিদ্যুৎ পেনেলো বহুওৱা হৈছে৷ তাৰপৰা প্ৰতিদিনে ১ মেগাৱট সৌৰবিদ্যুৎ তৈয়াৰ হ’ব৷ গুজৰাট চৰকাৰে ইয়াৰ পূৰ্বে দ্বাৰকাৰ এখন বিশেষ ডুবাৰুজাহাজ পৰিসেয়া আৰম্ভ কৰাৰ কথাও ঘোষণা কৰিছিল৷ সেই ৰাজ্যৰ চৰকাৰে জনাইছে যে, ভক্তই যাতে প্ৰাচীন চহৰৰ ধ্বংসাৱশেষ পৰিদৰ্শণ কৰিবলৈ যাব পাৰে তাৰবাবে ডুবাৰুজাহাজ পৰিসেৱা আৰম্ভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















