হাইৰে, ৪ বছৰীয়াৰ সৈতে ঘটিল এই ঘটনা, অভিযুক্ত ক্ৰমে ৯, ১১ আৰু ১৪ বছৰীয়া
কি হৈছে সমাজত, নিতৌ আহিছে ধৰ্ষণৰ খবৰ। তাৰে মাজত আকৈ দলবদ্ধ ধৰ্ষণৰ খবৰো বহুত। এইবাৰ উত্তৰাখণ্ডৰ পৰা আহিল শুনিলে আচৰিত হৈ পৰা এক ধৰ্ষণ কাণ্ড।
ক্ৰমে ৯, ১১ আৰু ১৪ বছৰীয়াৰ ধৰ্ষণৰ বলি এটি ৪ বছৰীয়া কনমানি। উত্তৰাখণ্ডৰ সীতাৰগঞ্জত এগৰাকী নিৰীহ কনমানিক নিজৰে স্কুলৰ তিনিজনে দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। তিনিওজন অভিযুক্ত কিশোৰ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি দুজন অভিযুক্তক নিজৰ জিম্মাত নিয়াৰ বিপৰীতে ১৪ বছৰীয়া কিশোৰ পলাতক হৈ আছে।
সোমবাৰে এগৰাকী গাঁৱৰ মহিলাই আৰক্ষীক জনোৱা মতে, তেওঁৰ চাৰি বছৰীয়া কন্যাক স্কুলত কিশোৰ সহপাঠীয়ে দলবদ্ধ ধৰ্ষণ কৰিছিল। গাঁৱৰে এখন চৰকাৰী স্কুললৈ গৈ পঢ়া-শুনা কৰিছিল ৪ বছৰীয়া কনমানিৰ লগতে তিনি অভিযুক্তও। সোমবাৰেও পুৱা আঠ মান বজাত স্কুললৈ গৈছিল কনমানি।
দুই-তিনি ঘণ্টাৰ পিছত কনামনি কান্দি কান্দি ঘৰলৈ উভতি আহে। মহিলাগৰাকীয়ে কান্দোনৰ কাৰণ সোধাত স্কুলত পঢ়ি থকা তিনিটা ল’ৰাই তাইৰ ব্যক্তিগত অংগত নিৰ্যাতন চলোৱা বুলি কয়। ইয়াৰ পিছতে মহিলাগৰাকীয়ে থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কনমানিৰ চিকিৎসাৰ ব্যৱস্থা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















