ৰনবীৰ-দীপিকাৰ জীৱনলৈ আগমণ ঘটিল কন্যা সন্তানৰ
বলীউডৰ তাৰকা দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে আজি ৮ ছেপ্টেম্বৰ তাৰিখে প্ৰথম সন্তানক এই ধৰালৈ আদৰণি জনায়। খবৰ অনুসৰি বলীউডৰ তাৰকাদ্বয়ে এটি কন্যা সন্তানক তেওঁলোকৰ জীৱনলৈ আদৰণি জনায়।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দীপিকা আৰু ৰণবীৰে ইনষ্টাগ্ৰাম পোষ্টত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল য’ত কেৱল ‘ছেপ্টেম্বৰ ২০২৪’ লিখা আছিল। বছৰৰ শেষৰ ফালে তেওঁৰ প্যান ইণ্ডিয়া ছবি কল্কি ২৮৯৮ খ্ৰীষ্টাব্দৰ প্ৰচাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বেবী বাম্পৰ ছবি প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে।
চলিত সপ্তাহৰ আৰম্ভণিতে দুয়োজনে তেওঁলোকৰ গৰ্ভাৱস্থাৰ ফটো শ্বুট কৰি ফটোও শ্বেয়াৰ কৰিছিল। ব্লেক এণ্ড হোৱাইট ছবিবোৰত সদ্য পিতৃ-মাতৃ হোৱা দীপিকা-ৰনবীৰ বিভিন্ন ভংগীমাত আছিল। তাৰোপৰি শুকুৰবাৰে সম্পূৰ্ণ পৰিয়ালৰ সৈতে মন্দিৰ দৰ্শনৰ বাবে যোৱাও দেখা গৈছিল দীপিকা-ৰনবীৰক।
কালি শনিবাৰে সন্ধিয়া দুগৰাকীক গাড়ীৰে মুম্বাইৰ এইচ এন ৰিলায়েন্স চিকিৎসালয়ত উপস্থিত হোৱা দেখা গৈছিল। তেতিয়াই খবৰ আহিছিল এয়াই সন্তান আগমণৰ সময়। খবৰ অনুসৰি ৰণবীৰৰ মাক আৰু ভনীয়েক চিকিৎসালয়ত উপস্থিত হয়, তাৰ পিছত দীপিকাৰ পৰিয়ালো।
বৰ্তমান হিন্দী চিনেমাত সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম দীপিকা। প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ কন্যা দীপিকাই ১৭ বছৰতকৈও অধিক সময় ধৰি হিন্দী ছবিৰ অংশ হিচাপে কাম কৰি আহিছে। আনহাতে স্বামী ৰনবীৰো ভাৰতীয় চিনেমাৰ সফল অভিনেতা। দুয়ো স্বামী স্ত্ৰীয়ে ভাৰতীয় চিনেমাক বহু কেইখন হিট ছবি উপহাৰ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















