বৈদিক জ্যোতিষত আমাৰ জীৱনৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায় বৰ্ণিত আছে৷ কোষ্ঠীত বিভিন্ন গ্ৰহৰ অশুভ অৱস্থানৰ কাৰণেই আমাৰ জীৱনত নানা বাধা বিপত্তি আহে৷ শুক্ৰ গ্ৰহ হৈছে আৰ্থিক পৰিস্থিতি আৰু প্ৰেম জীৱনৰ সৈতে সম্পৰ্কযুক্ত৷ সেয়ে কোষ্ঠীত শুক্ৰৰ অৱস্থান বেয়া হ’লে জাতকে আৰ্থিক সংকটৰ মুখত পৰে আৰু প্ৰেম জীৱনত অশান্তিয়ে দেখা দিয়ে৷
হিন্দুধৰ্মত এটা এটা গ্ৰহ সপ্তাহৰ এটা এটা বিশেষ দিনৰ সৈতে সম্পৰ্কযুক্ত৷ সেই হিচাবত শুক্ৰবাৰ হৈছে শুক্ৰগ্ৰহৰ দিন৷ আকৌ শুক্ৰগ্ৰহৰ অধিপতি দেৱতা যিহেতু মা লক্ষ্মী সেয়ে শুক্ৰবাৰৰ নিশা কোনো কাম কৰিলে কোষ্ঠীত শুক্ৰদোষ থাকিলে সেয়া কাটি যায় আৰু শুক্ৰৰ অৱস্থান মজবুত হয়৷ ইয়াৰোপৰি শুক্ৰবাৰে নিশা এই কাম কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় আৰু আপোনাৰ সংসাৰত অৱস্থান কৰে৷
আৰ্থিক সমস্যা দূৰ হ’ব
শুক্ৰবাৰে নিশা এই কাম কৰিলে আপোনাৰ জীৱনৰ সকলো আৰ্থিক সমস্যা কাটি যাব৷ শুকুৰবাৰে নিশা মা লক্ষ্মীৰ পুজা কৰক৷ তাৰপাছতেই মন্দিৰত গৈ ১১ পাহ পদুমফুল নিবেদন কৰক৷ ইয়াৰ সৈতে ৯টা ঘীঁৰ প্ৰদীপ মন্দিৰত জ্বলাওক৷ শুকুৰবাৰে নিশা বগা কাপোৰ দান কৰক৷ ইয়াৰ সৈতে সম্ভৱ হ’লে দুটা মুকুতা শুকুৰবাৰে নিশা পানীত উটোৱাই দিয়ক৷ ইয়াৰ ফলত আপোনাৰ জীৱনৰ আৰ্থিক সমস্যা দূৰ হ’ব৷
কেৰিয়াৰত উন্নতি
শুকুৰবাৰে নিশা এটা ষ্টিলৰ তলা কিনক৷ নিশা সেই তলাটো নিজৰ কাষতেই ৰাখক৷ তাৰ পাছৰ দিনা অৰ্থাৎ শনিবাৰে পুৱা এই তলা আৰু চাবি কোনো মন্দিৰত দান দি আহক৷ যেতিয়া কোনোৱে সেই তলা খুলিব তেতিয়াই আপোনাৰ ভাগ্যৰ তলা খুলি যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















