এইবাৰ লৈ আহিব পাৰিব প্ৰশ্ন কাকত, লগতে আৰু কি কি নিয়ম, মুখ্যমন্ত্ৰীৰ সদৰি
অহা ২৯ তৰিখে অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে নিয়মৰ তালিকা। লগতে সদি কৰে প্ৰশ্ন কাকত সন্দৰ্ভতো তথ্য। এইবাৰৰ পৰীক্ষাৰ্থীয়ে উভতাই আনিব পাৰিব প্ৰশ্নকাকত।
লগেত সদৰি কৰা অনুসৰি –
পৰীক্ষাৰ ডেৰ ঘণ্টা পূৰ্বে কেন্দ্ৰত উপস্থিত হব লাগিব পৰীক্ষাৰ্থী
প্ৰৱেশদ্বাৰ বন্ধ হোৱাৰ পাছত কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থী
এডমিট কাৰ্ড অবিহনে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহব
এডমিট কাৰ্ডৰ লগতে পৰীক্ষাৰ্থীয়ে দেখুৱাব লাগিব পৰিচয় পত্ৰ
মেটেল ডিটেক্টৰ অথবা মেনুৱেলি হব পৰীক্ষাৰ্থীৰ তালাচী
আপত্তিজনক তালাচীৰ সন্মুখীন হ’লে পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধানক জনোৱাৰ আহ্বান
খৰতকীয়া তালাচীৰ সুবিধাৰ বাবে হাতছুটি পোছাক, চেণ্ডেল পিন্ধি অহাৰ পৰামৰ্শ
পৰীক্ষা কেন্দ্ৰলৈ এডমিট কাৰ্ডৰ লগতে নিব লাগিব চৰকাৰী পৰিচয় পত্ৰ
নিব লাগিব নীলা অথবা ক’লা চি়ঁয়াহীৰ বলপইণ্ট
নিব পাৰিব ডেবিট-ক্ৰেডিট কাৰ্ড অথবা সামান্য ধন, পানীৰ বটল
কিন্তু খোৱাপানীৰ বটলত থাকিব নালাগিব কোনোধৰণৰ লেবেল
পৰাক্ষীৰ পাছত ঘৰলৈ লৈ যাব পাৰিব প্ৰশ্নকাকত
লগতে ইয়াকো সদৰি কৰে যে, ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা ADRE সন্দৰ্ভত জাননী জাৰি- ২৭ ছেপ্টেম্বৰৰ পৰা পৰীক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব OMR শ্বীটৰ ফটোকপি। ৫০ টকা দি অনলাইন যোগে লাভ কৰিব OMR শ্বীটৰ ফটোকপি। এক্স হেণ্ডেলযোগে সদৰি কৰে এই তথ্য।
https://x.com/himantabiswa/status/1838919505868619878

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















