আজি বিশ্বকাপত ভাৰতৰ সমুখত শ্ৰীলংকা, হাৰিলে মহাবিপদ
ভাৰত আৰু শ্ৰীলংকাৰ মহিলা দলে আজি অৰ্থাৎ ৯ অক্টোবৰ বুধবাৰে মহিলা টি-২০ বিশ্বকাপ ২০২৪ত মুখামুখি হ’ব। এই প্ৰতিযোগিতাত টিম ইণ্ডিয়াৰ এইখন তৃতীয়খন মেচ হ’ব। এই পৰ্যন্ত খেলা দুখন মেচত টিম ইণ্ডিয়াই এখন মেচত জয়ী হোৱাৰ লগতে এখনত পৰাস্ত হৈছে। এনে পৰিস্থিতিত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ তৃতীয়খন মেচ দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ভাৰতীয় মহিলা দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিছিল, য’ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰ পাছত দ্বিতীয়খন মেচত পাকিস্তানক পৰাস্ত কৰি জয়ৰ একাউণ্ট খুলিলে টিম ইণ্ডিয়াই।
এতিয়া টিম ইণ্ডিয়াই যিকোনো মূল্যৰ বিনিময়ত শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিব লাগিব। আজিৰ খেল খনত জয়ী হলে নিশ্চিত ভাৱে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হব, যদিহে পৰাস্ত হয় তেন্তে পাছৰ খন খেললৈ অপেক্ষা কৰাৰ লগতে গ্ৰুপৰ অন্য দলৰ খেল বোৰো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিব।
২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন অহা ০৯ অক্টোবৰ বুধবাৰে অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন আৰম্ভ হ’ব বিয়লি ৩:৩০ বজাৰ পৰা।
ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ ২০২৪।
মহিলা টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়া-
শ্বেফালী ভাৰ্মা, স্মৃতি মান্ধনা, জেমিমাহ ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), ঋচা ঘোষ (উইকেটকীপাৰ), দীপ্তি শৰ্মা, সজীৱ সজনা, অৰুন্ধতী ৰেড্ডী, শ্ৰেয়ংকা পাটিল, আশা শোভানা, ৰেনুকা ঠাকুৰ সিং, পূজা বস্ত্ৰকাৰ, ৰাধা যাদৱ, দয়ালন হেমলতা, যস্তিকা ভাটিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















