৪০৩ বিলিয়ন মাৰ্কিন ডলাৰৰ সাম্ৰাজ্য টাটা গোষ্ঠীৰ। বিশ্বৰ ১০০ দেশত আছে তেওঁৰ ৩০টাতকৈ বেছি সংস্থা। দুই দশকতকৈ বেছি সময় ধৰি টাটা গ্ৰুপ আৰু টাটা চেঞ্চৰৰ চেয়াৰমেন আছিল ৰতন নাভাল টাটা। তাৰপিছতেই ২০১৬ চনৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে তেওঁ এই সংস্থাৰ অন্তৰ্বৰ্তী চেয়াৰমেন হয়। অৱসৰ লোৱাৰ পাছতেই তেওঁ টাটা গোষ্ঠীৰ এমেৰিটেছ চেয়াৰমেন হয়। বিশাল এক সাম্ৰাজ্য়ৰ অধীশ্বৰ ৰতন টাটাৰ মাহিলী বা বাৰ্ষিক দৰমহা কিমান আছিল?
বিভিন্ন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ৰতন টাটা গ্ৰুপ আৰু টাটা চঞ্চসৰ চেয়াৰমেন হৈ থকাৰ সময়ত বছৰত আঢ়ৈ কোটি টকা দৰমহা পাইছিল ৰতন টাটাই। যি মাহত ২০ লাখ ৮৩ হাজাৰ টকা বা দৈনিক ৭০ হাজাৰ টকা বা প্ৰতি ঘণ্টাত ২হাজাৰ ৯০০ টকা বা মিনিটত তেওঁৰ দৰমহা ৪৮-৪৯ টকা।
মুকেশ আম্বানী আৰু গৌতম আদানী বা দেশৰ অন্য কোনো ডাঙৰ উদ্যোগীৰ দৰমহাতকৈ এই ধন বহু কম আছিল ৰতন টাটাৰ। ৰিলায়েন্স ইণ্ড্ৰাষ্টিজ লিমিটেডৰ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ মুকেশ আম্বানীৰ দৰমহাৰ সৈতে ৰতন টাটাৰ দৰমহা তুলনা কৰিলে এই অংক তেনেই নগণ্য। মুকেশৰ দৰমহা প্ৰতি মিনিটত ৩লাখ ৯হাজাৰ টকা বা প্ৰতি ছেকেণ্ডত ৫১ হাজাৰ ২৫০ টকা। যত ৰতন টাটাৰ দৈনিক দৰমহা মাত্ৰ ৭০ হাজাৰ টকা।
দেশৰ অন্য বৃহৎ উদ্যোগীৰ সৈতে ৰতন টাটাৰ দৰমহাৰ পাৰ্থক্য যথেষ্ট বেছি। কাৰণ এটাই, ৰতন টাটা পৰোপকাৰী। এই বিশেষ গুণটোতেই ৰতন টাটাক দেশৰ সকলোৱো নমন কৰে। তথ্য অনুসৰি ৰতন টাটাই নিজস্ব সম্পদ বঢ়োৱাতকৈ বহু বেছি দান বৰঙণি, ক্ষতিপূৰণ, জনশিক্ষা, জনস্বাস্থ্য, গৱেষণা আৰু পশুপ্ৰেমত ধন ব্যয় কৰে। তথ্যই জনাইছে যে দৰমহাৰ ওপৰিও তেওঁৰ অন্য এক স্থানৰ পৰাও ধন আহিছিল। তেওঁ দৈনিক বিনিয়োগ কৰিছিল। সেই বিনিয়োগেই তেওঁৰ উপাৰ্জন আছিল। ইয়াৰোপৰি দৈনিক শ্বেয়াৰ মাৰ্কেটত ধন লগাইছিল টাটাই। মৃত্যৰ সময়ত ৰতন টাটাই তেওঁৰ অন্যান্য কোম্পানীসমূহক বাদ দি কেৱল নিজস্ব সম্পদ হিচাপে ৩হাজাৰ ৪০০ কোটি টকা এৰি থৈ গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ