দুৰ্গা পূজাৰ পাছতে ৰাজ্যবাসীৰ ওপৰত পুনৰ মূল্যবৃদ্ধিৰ কোৱ, দাম বাঢ়িল পেট্ৰ’লৰ
দুৰ্গা পূজাৰ পাছতে ৰাজ্যবাসীৰ ওপৰত মূল্যবৃদ্ধিৰ কোৱ, পূজাৰ মাথো এটা দিনৰ পাছতে আজি ১৪ অক্টোবৰ তাৰিখে পুৱাই জনসাধাৰণক মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য।
ৰাজ্যত প্ৰতিলিটাৰত পেট্ৰ’লৰ মূল্য ১ টকা ১ পইচাকৈ বৃদ্ধি পালে। যাৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত পূৰ্বৰ তুলনাত পেট্ৰ’লৰ মূল্য আৰু এটকাকৈ বৃদ্ধি পালে।
চলিত মাহৰ ভিতৰত আজি ১৪ অক্টোবৰ তাৰিখে সৰ্বাধিক হয় পেট্ৰ’লৰ মূল্য। ১ অক্টোবৰ তাৰিখে পেট্ৰ’লৰ মূল্য আছিল ৯৭.১৪ টকা, আৰু আজিৰ তাৰিখত এই প্ৰতি লিটাৰৰ পেট্ৰ’লৰ মূল্য ৯৮.৩৫ টকা হয়গৈ।
উল্লেখ্য যে, অসমত বৰ্তমানে পেট্ৰ’লৰ মূল্য ৯৮.৩৫ হোৱাৰ পৰিৱৰ্তে দেশৰ ৰাজধানী দিল্লীত বৰ্তমানে পেট্ৰ’লৰ মূল্য ৯৪.৭২ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ