সামাজিক মাধ্যম বা অন্য কোনো প্লেটফৰ্মত ভিডিঅ’ চোৱাটো এতিয়া প্ৰায়সংখ্যক লোকৰেই নিচা৷ দৃষ্টিসুখ পালেও মোবাইলত ভিডিঅ’ চাবলৈ বহু ডাটা খৰচ হয়৷ এইবাৰ সেয়ে অভিনৱ ফোন আহিছে বজাৰলৈ৷ নতুন ফোনত ইণ্টাৰনেট অবিহনেই মোবাইলত চাব পাৰিব ভিডিঅ’৷
টাটা গ্ৰুপৰ সৈতে যুক্ত এটা সংস্থাই শীঘ্ৰেই দেশত এনে এক মোবাইল ফোন লঞ্চ কৰিব৷ এই মোবাইলসমূহৰ ডিজাইনৰ বাবে এক আমেৰিকান কোম্পানীৰ সৈতে যৌথভাৱে কাম কৰা হৈছে৷ এই প্ৰজেক্টৰ মাধ্যমেৰে ভাৰতত ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ লোৱা বুলি জনাইছে সংস্থাটোৱে৷
ভাৰতৰ, ‘আইআইটি কানপুৰে তৈয়াৰ কৰা এক কোম্পানী ‘ফ্ৰি ষ্ট্ৰীম টেকনোলজিছ’ আৰু আমেৰিকাৰ চিনক্লেয়াৰ ইনকে এই কাম কৰিছে যৌথভাৱে৷ এই চুক্তিৰ অধীনত যি ফোনসমূহ তৈয়াৰ কৰা হ’ব তাত সাংখ্য লেবৰ দ্বাৰা নিৰ্মিত পৃথ্বী-৩ত ATSC 3.0 চিপচেট থাকিব৷’
তেজছ নেটৱৰ্তক এক সহযোগী প্ৰতিষ্ঠান, যাৰ মূল সংস্থা হৈছে টাটা চঞ্চ৷ এই সংখ্যা লেবৰ সৈতে পৰোক্ষভাৱে টাটা গ্ৰুপৰ যোগ আছে৷ দেশত 4G আৰু 5G টেলিকমিউনিকেচনত ব্যৱহৃত বিভিন্ন ডিভাইছ তৈয়াৰ কৰিছে তেজছ নেটৱৰ্কে৷ এইসমূহ ডিভাইছ দেশতেই পৰীক্ষা কৰা হ’ব৷ বাংগালুৰু, দিল্লী আৰু আমেৰিকাৰ সাংখ্য লেবছৰ ডিভাইছৰ ফিল্ড ভেলিডেছন চলিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ