জ্যোতিষ শাস্ত্ৰমতে এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰত্যেক গ্ৰহই ৰাশি পৰিবৰ্তন কৰি থাকে৷ ইয়াৰ প্ৰভাৱ প্ৰতিটো ৰাশিৰ ওপৰতেই পৰে৷ বুধ হৈছে গ্ৰহৰ ৰাজকুমাৰ৷ বুধ বুদ্ধিদাতা, গণিত, মাৰ্কেটিং, অৰ্থব্যৱস্থা, ব্যৱসায় বাণিজ্য, শ্বেয়াৰ ইত্যাদিৰ কাৰক গ্ৰহ৷ অক্টোবৰত বুদ্ধিদাতা বুধ উদয় হ’ব৷ ধনতেৰছৰ দিনাই এই গ্ৰহৰ উদয়ে প্ৰভাৱ পেলাব কেইবাটাও ৰাশিৰ ওপৰত৷
২৩ অক্টোবৰত বুধ উদিত হ’ব৷ ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ জীৱনত পৰিবৰ্তন আহিব৷ হঠাৎ ধন হাতলৈ আহিব পাৰে৷ জীৱনৰ বহুদিনীয়া সমস্যা এই সময়ত দূৰ হ’ব৷ ভাগ্যবান ৰাশিৰ তালিকাত শীৰ্ষতেই আছে তুলা ৰাশি৷ তুলা ৰাশিৰ জাতক জাতিকাৰ এই সময়ত আত্মবিশ্বাস বৃদ্ধি পাব৷ বিবাহিতসকলৰ বাবে এই সময় সুখময় হ’ব৷ অবিবাহিতসকলৰো বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ পৰিস্থিতি ইতিবাচক হ’ব৷ সমাজত মান সন্মান বৃদ্ধি পাব৷
মকৰ ৰাশিৰ জাতকেও বুধ উদয়ৰ শুভ ফল লাভ কৰিব৷ বুধৰ উদয় অত্যন্ত শুভ হ’ব মকৰ ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰৰ বাবে অত্যন্ত শুভ সময়৷ চাকৰি আৰু ব্যৱসায়ত জড়িত সকলেও এই সময়ত ভাল খবৰ পাব৷ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও বুধৰ উদয় অত্যন্ত ভাল৷ এওঁলোকৰ কেৰিয়াৰত ভাল পৰিবৰ্তন আহিব৷ হঠাৎ হাতলৈ মোটা অংকৰ ধন আহিব৷ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই সাফল্য আহিব৷ নতুন কামৰ পৰিকল্পনা থাকিলে এই সময়তেই আৰম্ভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ