চলিত বছৰৰ জুলাইৰ পৰা চৰ্চাতেই আছে বিএছএনএল৷ বিগত মাহ কেইটাত লক্ষাধিক নতুন গ্ৰাহক যুক্ত হৈছে বিএছএনএলৰ সৈতে৷ কাণ এটাই কম দামত ভাল প্লেন৷ দামী প্লেনৰ সলনি বিএছএনএলে আনিছে নতুন নতুন কেইবাটাও লাভজনক প্লেন৷ সম্প্ৰতি গ্ৰাহকৰ আকৰ্ষণ বঢ়াবলৈ কোম্পানীৰ নতুন লগ’ আনিছে বিএছএনএলে৷ আপুনিও এই বেচৰকাৰী টেলিকম সংস্থাৰ সৈতে যুক্ত হ’ব বিচাৰে নেকি? নতুনকৈ এয়াৰটেল, জিঅ’ৰ সলনি বিএছএনএল ছিম ল’ব খুজিলে কি প্লেন আপোনাৰ বাবে উপযুক্ত জানক সবিশেষ৷
BSNLৰ ১১৯৮ টকাৰ প্লেন
মাত্ৰ ১১৯৮ টকা খৰচ কৰি আপুনি ৰিচাৰ্জ কৰিব পাৰে ৩৬৫ দিনৰ বাবে৷ এই প্লেনত আপুনি যি কোনো নেটৱৰ্ক জুৰি প্ৰতি মাহে ৩০০ মিনিট ভয়েছ কল কৰিব পাৰিব৷ প্ৰতি মাহত পাব ৩ জিবি হাইস্পিদ ডাটা৷
BSNLৰ ১৪৯৯ টকাৰ প্লেন
যিসকলে খৰচ আৰু সুবিধাৰ মাজত ভাৰসাম্য ৰাখিব খোজে তেওঁলোকৰ বাবে এই প্লেন৷ ১৪৯৯ টকাৰ এই প্লেন একেবাৰে আদৰ্শ প্লেন৷ ৩৩৬ দিনৰ এই প্লেনত আপুনি যি কোনো নেটৱৰ্কত পাব আনলিমিটেড কলৰ সুবিধা৷ প্ৰতিদিনে পাব ১০০ টা বিনামূলীয়া এছ এমএছৰ সুবিধা আৰু ২৮ জি বি ফ্ৰি হাইস্পিড ডাটা৷
BSNLৰ ১৮৯৯ টকাৰ প্লেন
১৮৯৯ টকাৰ প্লেনটোও ভাল এক বিকল্প৷ এই প্লেনৰো বৈধতা ৩৬৫ দিন৷ যি কোনো নেটৱৰ্কত আনলিমিটেড ভয়েছ কল৷ ইয়াৰোপৰি লাভ কৰিব মুঠ ৬০০জি বি হাইস্পিড ডাটা আৰু প্ৰতিদিনে ১০০ টা বিনামূলীয়া এছ এম এছৰ সুবিধা৷ ইয়াৰোপৰি আছে এৰিনা, হাৰ্ডি গেমছ, গেমন এষ্ট্ৰোটেল, লিছেন পডকাষ্টৰ দৰে একাধিক এপৰ প্ৰিমিয়াম একচেছ৷
BSNLৰ ২৩৯৯ টকাৰ প্লেন
এই প্লেনো দীৰ্ঘ ম্যাদি এক প্লেন৷ গ্ৰাহকৰো এই প্লেন খুবেই পছন্দৰ৷ এই প্লেনৰ ম্যাদ ৩৯৫ দিন৷ ইয়াত পাব প্ৰতিদিনে ২ জিবি ডাটা উপভোগ কৰাৰ সুযোগ৷ যি কোনো নেটৱৰ্কত আনলিমিটেড ভয়েছ কল, লগতে প্ৰতিদিনে ১০০ টা ফ্ৰি এছ এম এছ৷ ইয়াৰোপৰি জিং মিউজিক, বিএছএনএল টিউনছ, হাৰ্ডি গেমছ বা চেলেঞ্জাৰ এৰিয়ানাৰ দৰে একাধিক এপৰ বিনামূলীয়া একচেছ৷ ইয়াৰোপৰি বিএছএনএল ছেলফ কেয়াৰ, এপ দি ৰিচাৰ্জ কৰিলে সকলো ধৰণৰ ৰিচাৰ্জৰ ওপৰত আছে অতিৰিক্ত ২শতাংশ ৰেহাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















