মুখ্যমন্ত্ৰীৰ বাবে অনা চিঙাৰা আৰু কেক কোনে খালে? জটিল ৰহস্য উদঘাটনৰ তদন্তভাৰ পৰিল চিআইডিৰ কান্ধত৷ ৰাজ্য চৰকাৰেই এই নিৰ্দেশ দিছে৷ ঘটনাক কেন্দ্ৰ কৰি হৈ চৈ লাগিছে সমগ্ৰতে৷ তোলপাড় হিমাচল প্ৰদেশৰ ৰাজ্যৰ ৰাজনীতি৷ জটিল ৰহস্য বা ডাঙৰ কোনো ঘটনাৰ তদন্ত কৰে চিআইডিয়ে৷ কিন্তু এইবাৰ চিআইডিৰ কান্ধত পৰিছে চিঙাৰা কোনে খালে সেয়া বিচাৰ কৰাৰ ভাৰ৷
ঘটনাটো ঘটিছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সৈতে৷ চিআইডিৰ সৈতে এক বিশেষ বৈঠকত মিলিত হ’বলৈ যোৱাৰ সময়তে এই ঘটনা ঘটিছে সুখবিন্দৰ সিং সুখুৰ সৈতে৷ অন্যান্যসকলৰ দৰেই মুখ্যমন্ত্ৰী সুখুকো দিয়া হৈছিল এটা বিশেষ লাঞ্চ পেকেট৷ কিন্তু লাঞ্চ পেকেট খুলিয়েই আচৰিত সুখু৷ অন্য সকলোৰে লাঞ্চ বক্সত আছে চামুছা আৰু মিঠাই কিন্তু সুখুক দিয়া বক্সটো সম্পূৰ্ণ খালী৷ কিয় খালী পেকেট মুখ্যমন্ত্ৰীক দিয়া হ’ল সেই প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্তৰো নিৰ্দেশ দিয়া হয়৷
বিগত ২১ অক্টোবৰত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু চিআইডিৰ হেডকোৱাৰ্টাৰলৈ গৈছিল ছাইবাৰ ছেল শাখাৰ উদ্বোধনৰ বাবে৷ মুখ্যমন্ত্ৰী সুখুৰ বাবেই বিশেষকৈ খাদ্যৰ তিনিটা বক্স আনিছিল চিআইডিৰ তৰফৰ পৰা৷ কিন্তু শেষপৰ্যন্ত সুখুৱে খাবলৈ নাপালে চিঙাৰা৷ বিভিন্ন জনৰ হাতবাগৰি সেই চিঙাৰা পেটত সোমাইগৈ নিৰাপত্তাৰক্ষীৰহে৷ কেনেকৈ নিৰাপত্তাৰক্ষীয়ে খাবলৈ পালে এই চিঙাৰা? সেই ৰহস্য জানিবলৈ উৎসুক এতিয়া চিআইডিৰ লগতে মুখ্যমন্ত্ৰী সুখুও৷
ইফালে চিআইডিয়ে তদন্ত আৰম্ভ কৰাৰ লগ লগেই কটাক্ষ কৰিছে বিজেপিয়ে৷ ৰাজ্যৰ বিৰোধী দলৰ মুখপাত্ৰ ৰণধীৰ শৰ্মাই কয়, ‘ৰাজ্যৰ উন্নয়নক লৈ চৰকাৰৰ চিন্তা নাই৷ তেওঁলোকৰ চিন্তা কেৱল মুখ্যমন্ত্ৰীৰ চিঙাৰাক লৈ৷ যদিও কংগ্ৰেছৰ দাবী চৰকাৰৰ তৰফৰ মুঠেও চিআইডিক তদন্তৰ নিৰ্দেশ দিয়া হোৱা নাই৷ নানান বিতৰ্ক তৈয়াৰ হোৱাৰ বাবেই চিআইডি নিজেই এই তদন্তত নামিছে৷ বিজেপিৰ বিৰুদ্ধে অকাৰণে এই বিষয় লৈ বিতৰ্ক তৈয়াৰ কৰাৰো অভিযোগ দিছে কংগ্ৰেছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















