ইউটিউবাৰৰ সংখ্যা এতিয়া বহুপৰিমানে বৃদ্ধি পাইছে। বহুতেই ইয়াক উপাৰ্জনৰ উৎস হিচাপেও লৈছে। এজন ইউটিউবাৰে ইউটিউবৰ পৰা কিমান ধন আয় কৰে? বিষয়টোক লৈ বহুতেই আগ্ৰহী। ইউটিউবৰ পৰা আয় কৰা ধনেৰেই বহুতেই এতিয়া জীৱন নিৰ্বাহো কৰি আছে। বৰ্তমান ডিজিটেল যুগত ইউটিউবাৰ, ইনষ্টাগ্ৰাম, ইনফ্লুয়েন্সাৰ, ভ্লগাৰ এই শব্দসমূহৰ সৈতে সকলোৱেই পৰিচিত।
অনলাইন ভিডিঅ’ শ্বেয়াৰিং আৰু ছচিয়েল মিডিয়া প্লেটফৰ্ম বহু আগৰে পৰাই নেটিজেনসকল পৰিচিত। ইউটিউবাৰসকলে প্ৰতিমাহে ইউটিউব ভিডিঅ’ নিৰ্মাণ কৰি কিমান ধন আয় কৰে? ইউটিউবৰ পৰা ধন উপাৰ্জন কৰিবলৈ কিছুমান চৰ্ত মানি চলাটো খুবেই গুৰুত্বপূৰ্ণ। এজন ইউটিউবাৰে এক মিলিয়ন ছাবস্ক্ৰাইবাৰ লাভ কৰাটো তেওঁৰ বাবে বৃহৎ এক মাইলষ্টোন। কাৰোবাৰ এক মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে মানেও তেওঁ ইউটিউবাৰৰ পৰা মোটা অংকৰ ধন লাভ কৰি আছে।
যদিও ইউটিউবাৰৰ আয়ৰ বিভিন্ন পন্থা থাকে, কিন্তু তেওঁলোকৰ ভিডিঅ’ৰ মাজত গুগলৰ পৰা দিয়া বিজ্ঞাপনেই প্ৰধান। এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে ইউটিউবৰ পৰা কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?
এগৰাকী জনপ্ৰিয় ইউটিউবাৰ নেইট ওব্ৰিয়েনে এক সাক্ষাৎকাৰত জনোৱা অনুসৰি তেওঁ ইউটিউব একাউণ্টত ১মিলিয়নৰো অধিক ছাবস্ক্ৰাইবাৰ আছে। তেওঁ ইউটিউব প্লেটফৰ্মৰ পৰা বছৰি লাভ কৰে ৪৪০,০০০ডলাৰ। অৰ্থাৎ তেওঁ মাহিলী আয় কৰে ১৪,৬০০ৰ পৰা ৫৪,৬০০ ডলাৰ। অৰ্থাৎ ভাৰতীয় টকাত এই ধনৰ পৰিমান মাহিলী প্ৰায় ১২,০১,৪৫৫ টকাৰ পৰা ৪৮,২২,৫১৬ টকা।
ইউটিউব এডছেন্সৰ পৰা ধন আয় কৰিবলৈ ক্ৰিয়েটৰসকলৰ ১০০০ ছাবস্ক্ৰাইবাৰ থকাৰ ওপৰিও বছৰত ৪০০০ ৱাছ আৱাৰ্ছ থাকিব লাগিব। প্ৰতি ১০০০ এড ভিউৰ বাবে বিজ্ঞাপনদাতাসকলে ইউটিউবক এটা নিৰ্দিষ্ট অংকৰ ধন দিয়ে। আয়ৰ ৪৫ শতাংশ ইউটিউবে নিজে ৰাখি বাকী অংশ ক্ৰিয়েটৰসকলক দিয়ে।
ইউটিউবত ধন উপাৰ্জন কৰিবলৈ দুটা প্রধান চিষ্টেম হৈছে চিপিএম ৰেট বা বিজ্ঞাপনদাতাসকলে প্ৰতি ১০০০ এড ভিউত ইউটিউবাৰক কিমান ধন দিছে। আৰপিএম ৰেট বা প্ৰতি ১০০০ ভিউত ইউটিউবে নিজা ধন ৰাখি থোৱাৰ পাছত কিমান দন ক্ৰিয়েটৰে লাভ কৰে তাৰো নিৰ্দিষ্ট এক হিচাপ আছে। পাৰ্ছনেল ফাইনেন্স আৰু ব্যৱসায়ৰ দৰে বিষয়সমূহত বিজ্ঞাপনদাতাই নজৰ দিয়ে। ক্ৰিয়েটৰৰ বিজ্ঞাপনৰ ৰেট এনেকৈয়ে বৃদ্ধি পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ