অতিকে শোকাৱহ, ঘৰ লেপিবৰ বাবে মাটি আনিবলৈ গৈ প্ৰাণ হেৰুৱালে এঘৰৰে ৪ মহিলা
উত্তৰ প্ৰদেশৰ কাছগঞ্জত সংঘটিত হৈছে এক অতিকে মৰ্মান্তিক দুৰ্ঘটনা। এই দুৰ্ঘটনাত একেখন ঘৰৰে ৪ গৰাকী মহিলাৰ মৃত্যু হৈছে। কাছগঞ্জৰ কচবা মহনপুৰা গাঁৱত ঘৰ লেপিবৰ বাবে মাটি খান্দিবলৈ গৈছিল একাংশ মহিলা।
সেই সময়ত হঠাতে মহিলা কেইগৰাকীক পিছফালৰ পৰা মাটিৰ এটা ডাঙৰ অংশ খহি আহি হেচা মাৰি ধৰে। যাৰ ফলতে এই দুৰ্ঘটনাত এজনী ছোৱালীকে ধৰি তিনিগৰাকী মহিলাৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আন ৪ গৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আহতসকলক বৰ্তমানে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চিকিৎসকৰ তত্বাৱধানত আছে মহিলাকেইগৰাকী।
ঘটনাস্থলীত উপস্থিত আছে কাছগঞ্জ জিলা বিষয়া মেধা ৰূপম আৰু আৰক্ষী অধীক্ষক অপৰ্ণা ৰজত কৌশিক। দুয়োজন বিষয়াই সাহায্য আৰু উদ্ধাৰ অভিযান পৰিদৰ্শন কৰি আছে। এই দুৰ্ঘটনাত এগৰাকী কন্যাসহ তিনিগৰাকী মহিলাক মাটিয়ে হেচা মাৰি ধৰাৰ ফলত মৃত্যু হয়।
প্ৰায় দুই ডজন মহিলা এতিয়াও সেই খহি পৰা মাটিৰ তলত পোক খাই থকাৰ আশংকা। ঘটনাস্থলীত উপস্থিত সাহায্য আৰু উদ্ধাৰকাৰী দল। জেচিবিৰ দ্বাৰা মাটি আঁতৰোৱাৰ কাম অবিৰতভাৱে চলি আছে।
কাছগঞ্জৰ এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ