সকলো ধৰ্মতেই প্ৰিয় মানুহৰ মৃত্যুৰ পাছত আত্মীয়ই আয়োজন কৰে শেষকৃত্যৰ৷ প্ৰিয় মানুহজনক বিদায় জনাবলৈ শেষ অনুষ্ঠানত বিভিন্ন আচাৰ আৰু নিয়ম পালন কৰি অহাটো যুগে যুগে চলি আহিছে৷ কিন্তু এইবাৰ গুজৰাটৰ আমৰেলিৰ এটা পৰিয়ালে তেওঁলোকৰ প্ৰিয় বাহনখনৰ শেষকৃত্য সম্পন্ন কৰিছে৷ আৰু এই শেষকৃত্য অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছে ১৫০০ অতিথিক৷
প্ৰায় ৪লাখ ধন খৰচ কৰি এই বাহনৰ শ্ৰাদ্ধ পাতিছে পৰিয়ালটোৱে৷ গুজৰাটৰ আমৰেলি জিলাৰ এই পৰিয়ালটোৱে তেওঁলোকৰ ১২ বছৰ পুৰণি ৱেগনাৰ বাহনখন সজাই পৰাই শেষকৃত্য সম্পন্ন কৰিছে৷ এই অনুষ্ঠানতেই আমন্ত্ৰণ কৰিছে অতিথিসকলকো৷ সম্পূৰ্ণ নিয়মৰ সৈতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে বাহনখনৰ৷ আনকি এই অনুষ্ঠানলৈ অতিথিক আমন্ত্ৰণ কৰিবলৈ চপোৱা হৈছিল বিশেষ কাৰ্ডো৷
আনুমানিক ৪লাখ টকা খৰচ কৰিছে এই বাহনৰ অন্ত্যেষ্টিক্ৰিয়াত৷ বাহনখনক সমাধি দিয়াৰ বাবে খনন কৰা হৈছিল ১৫ ফুটৰ এটি গাঁতো৷ তাতেই বাহনখনক সমাধিস্থ কৰিছে৷ গোলাপ ফুল ছটিয়াই শেষ শ্ৰদ্ধা জনোৱা হৈছে পৰিয়ালৰ তৰফৰ পৰা৷ এই বাহনৰ গৰাকী আছিল সঞ্জয় পোলাৰা৷ তেওঁ এই সন্দৰ্ভত কয়, ‘প্ৰায় ১২ বছৰ পূৰ্বে মই এই বাহন কিনিছিলো৷ এই বাহন কিনাৰ লগে লগেই সলনি হৈ যায় আমাৰ পৰিয়ালটো৷ ভাগ্যৰ চকৰি ঘূৰিবলৈকো আৰম্ভ কৰে৷ আমাৰ পৰিয়ালে সেয়ে এই বাহনক ভাগ্যৰ গৰাকী বা লাকীচাৰ্ম বুলি ভাৱো৷ সেয়ে এই বাহনক বিক্ৰি কৰাৰ সলনি আমি সমাধিস্থ কৰাৰ সিদ্ধান্ত ল’লো৷’
১৩ বছৰ পূৰ্বে কনষ্ট্ৰাকছনৰ ব্যৱসায় কৰিছিল সঞ্জয়ে৷ ব্যৱসায় প্ৰথমভাগত অৱশ্যে খুব এটা আশাব্যঞ্জক নাছিল৷ তাৰপাছতেই যাতায়াতৰ বাবে তেওঁ ক্ৰয় কৰে ৱেগনাৰ বাহনখন৷ সেই বাহন কিনাৰ পাছতেই ব্যৱসায়তো উন্নতি আৰম্ভ হয়৷ সেয়ে তেওঁলোকৰ বিশ্বাস যে এই বাহন তেওঁলোকৰ বাবে লক্ষ্মী৷ ১২ বছৰে এই বাহনে তেওঁলোকক যথেষ্ট দিলে৷ সেয়ে এই বাহন বিক্ৰিৰ সলনি সমাধিস্থ কৰে সঞ্জয়ৰ পৰিয়ালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















