ফুটবল খেলৰ মাজত হঠাতে হাহাকাৰ, পৰিস্থিতি ইমানেই বিষম যে, ১০০ লোকে হেৰুৱালে প্ৰাণ
এখন ফুটবল খেলৰ মাজত হঠাতে পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে, ১০০ গৰাকী লোকে হেৰুৱালে প্ৰাণ। পশ্চিম আফ্ৰিকাৰ দেশ গিনিত সংঘটিত হৈছে এই নৰসংহাৰৰ ঘটনা। গিণিৰ দ্বিতীয় বৃহত্তম চহৰ এঞ্জেৰেকোৰেত সংঘটিত হৈছে এই ঘটনা।
সেই চহৰখনত চলি আছিল এখন ফুটবল খেল। এই মেচখনৰ মাজতে হঠাৎ খং উঠে দৰ্শকৰ আৰু নিজৰ মাজতে কাজিয়া লাগে। পাছলৈ পৰিস্থিতি হিংসাত্মক হৈ উঠে আৰু অগ্নিসংযোগো সংঘটিত হয়।
ঘটনাস্থলীত মাৰপিট আৰু শিলগুটি নিক্ষেপৰ ফলত ১০০ৰো অধিক লোকৰ মৃত্যু হয়। ক্ষুব্ধ লোকে থানাত প্ৰৱেশ কৰি লণ্ড- ভণ্ড কৰি জুই লগাই দিয়ে। আৰক্ষীয়ে কোনোমতে কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰি দুষ্কৃতিকাৰীক নিয়ন্ত্ৰণ কৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ফুটবল খেলখনত ৰেফাৰীৰ ভুল সিদ্ধান্তৰ বাবেই দৰ্শকৰ মাজত খং উঠে। ক্ষোভত ফাটি পৰি দৰ্শকে খেলপথাৰত প্ৰৱেশ কৰি ৰেফাৰীক আক্ৰমণ কৰে। বিৰোধী পক্ষও নামি যায় খেল পথাৰত। তাৰ পাছে দুয়ো পক্ষৰ মাজত হুলস্থুল আৰু সংঘৰ্ষৰ সৃষ্টি হয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই ঘটনাৰ ভিডিঅ’।
চিকিৎসালয়ৰ বাহিৰত মৃতদেহৰ শাৰী। আহতসকলৰ চিকিৎসাৰ বাবে লোকৰ অভাৱ। অচিনাকি লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পৰিস্থিতিক ভয়ংকৰ বুলি অভিহিত কৰি এজন চিকিৎসকে কয় যে চিকিৎসালয়ত যিফালেই চোৱা যায় সেই ফালেই মৃতদেহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















