ছবিগৃহত আল্লু অৰ্জুনৰ পুষ্পা ২ৰ ৰাজ ! চতুৰ্থ দিনত পাৰ কৰিলে ৭৮০ কোটিৰ ঘৰ
সচৰাচৰৰ ধাৰা ব্যাহত কৰি ৫ ডিচেম্বৰত বৃহস্পতিবাৰে মুক্তি লাভ কৰা পুস্পা-২য়ে অব্যাহত ৰাখিছে জয় যাত্ৰা। দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু অভিনেত্ৰী ৰশ্মিকা মান্দনা অভিনীত এই চলচিত্ৰখনে বৰ্তমানলৈ ভংগ কৰিছে বহু চুপাৰহিট চিনেমাৰ ৰেকৰ্ড। দেশৰ লগতে বিদেশৰ পৰাও বহু টকা উাপাৰ্জন কৰি ছবিখনে ভংগ কৰিছে বহু অন্য ৰেকৰ্ড।
পুস্পা-২ যে ৪ ডিচেম্বৰত অনুষ্ঠিত কৰা প্ৰিমিয়াৰ শ্ব’ত ভাৰতীয় দৰ্শকৰ পৰা উপাৰ্জন কৰিছিল ১০.৬৫ কোটি টকা। ৫ ডিচেম্বৰত ছবিখনে মুক্তি লাভ কৰিয়ে ১৬৪.৫ কোটি টকাৰ ব্যৱসায় কৰিছিল । এই পৰিমাণৰ সৈতে মুক্তিৰ দিনাই সৰ্বাধিক টকা উপাৰ্জন কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছিল।
মাত্ৰ চাৰিদিনতে তাকো আজি দেওবাৰে সন্ধিয়া ৪ বজালৈ সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ৭৮০ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। প্ৰথম দিনটোত ৭০.৩ কোটি টকা উপাৰ্জন কৰাৰ পিছত দ্বিতীয় দিনটোত ৫৬.৯ কোটি টকা আৰু তৃতীয় দিনত ৭৩.৫ কোটি টকা আৰু আজি দেওবাৰ ৮ ডিচেম্বৰ তাৰিখে ৭৯.৫৯ কোটি টকা উপাৰ্জন কৰে ছবিখনে।
ছবিখনে মুক্তিৰ দিনাখনে সৰ্বাধিক উপাৰ্জন কৰা এছ এছ ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত ‘আৰ আৰ আৰ’ ছবিৰ অভিলেখো ভংগ কৰিছে । ইয়াৰ উপৰিও হিন্দী ভাষাৰ ক্ষেত্ৰত এই ছবিখনে আটলীৰ পৰিচালনাত নিৰ্মিত ‘জৱান’ৰ উপাৰ্জনকো চেৰ পেলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ