অতিকে শোকাৱহ, এটা মাত্ৰ ভুলৰ বাবেই একেলগে প্ৰাণ হেৰুৱালে ৭ জনে
আজি পুৱা গুজৰাটৰ জুনাগড়ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জেটপুৰ-সোমনাথ ঘাইপথত দুখন বাহনৰ মাজত প্ৰচণ্ড জোৰে সংঘৰ্ষ সংঘটিত হয়। এই দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুাৱই ৭ জন লোকে।
নিহতসকলৰ ভিতৰত ৫ জন ছাত্ৰ। তাতোকৈ দুখৰ কথা যে, পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বুলি গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু ৫জন কলেজীয়া ছাত্ৰই প্ৰাণ হেৰুৱাই। ভাণ্ডুৰীৰ সমীপৰ কৃষ্ণ হোটেলৰ বাহিৰত সংঘটিত হয় এই দুৰ্ঘটনা।
দ্ৰুতবেগী এখন বাহনে ডিভাইডাৰত খুন্দা মাৰি লেন পাৰ হৈ আন এখন গাড়ীৰ সৈতে খুন্দা মাৰে। সংঘৰ্ষৰ লগে লগে দুয়োখন বাহন চিটিকি পৰে।
লগে লগে পথচাৰীসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীকো অৱগত কৰে। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা নিজৰ জিম্মালৈ লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বদমালীয়া হাতীস্থিত চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাটোৰ দুখন বাহনৰ এখনত আছিল ৫ বন্ধু, আনখনত আন দুই লোক। কেইজনৰে মৃত্যু। ছাত্ৰসকলে সোনকালে কলেজ পোৱাৰ বাবেই অতি তীব্ৰ গতিত বাহন চলাই আছিল, যাৰ বাবেই নিয়ন্ত্ৰণৰ বাহিৰ গৈ এই ভয়ংকৰ তথা শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ