অসমৰ দৰে দিল্লীৰ মহিলাইয়ো পাব ধন, নিৰ্বাচন জিকিলে দুগুণলৈ বৃদ্ধি পাব পৰিমাণ
দিল্লীত বিধানসভা নিৰ্বাচন ঘোষণাৰ পূৰ্বে আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আৰম্ভ কৰিছে এক নতুন আঁচনি। আজি এক অনুষ্ঠানত তেওঁ মহিলা সন্মান যোজনা উন্মোচন কৰে।
ইয়াৰ মাজতে কেজৰিৱালে কয় যে এতিয়া দিল্লীৰ প্ৰতিগৰাকী মহিলাই প্ৰতিমাহে এহেজাৰ টকা পাব। কেজৰিৱালে লগতে ইয়াকো কয় যে,- আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে প্ৰতিগৰাকী মহিলাক ১০০০ টকা দিয়া হ’ব, আজি কেবিনেটে প্ৰস্তাৱ গৃহীত কৰিছে।
আপৰ আহ্বায়কে হাজাৰ হাজাৰ মহিলাৰ উপস্থিতিত কয় যে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ মহিলাসকলে পঞ্জীয়ন কৰিব লাগিব। যিসকল মহিলাই পঞ্জীয়ন কৰিব, তেওঁলোকৰ একাউণ্টত প্ৰতিমাহে হাজাৰ হাজাৰ টকা আহিবলৈ আৰম্ভ কৰিব।
কেৱল ইমানেই নহয়, আগন্তুক নিৰ্বাচনত জয়ী হলে দুগুনলৈ এই ধনৰ পৰিমাণ বৃদ্ধি পাব বুলিও সদৰি কৰে কেজৰিৱালে। তেখেতে কয়- এতিয়া ১০০০ কৈ টকা নিৰ্বাচনত জয়ী হলে ২১০০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ