ভাৰত বনাম অষ্ট্ৰেলিয়া ব্ৰিছবেন টেষ্টৰ পাছত হঠাৎ অৱসৰ গ্ৰহণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে৷ কিয় অশ্বিনে হঠাৎ এই সিদ্ধান্ত ল’লে সেই বিষয়টোক লৈ বহুতেই বহুধৰণে চৰ্চা চলাইছে৷ মেনেজমেণ্টৰ খেলিমেলিৰ বাবেই এই সিদ্ধান্ত লৈছে বুলিও বহুতে দাবী কৰিছে৷ ইয়াৰ মাজতেই আন এক চৰ্চাও চলিছে৷ বৰ্ডাৰ গাভাস্কাৰ ছিৰিজৰ শেষত অৱসৰ ল’ব পাৰে ভাৰতৰ অইন ৫ ক্ৰিকেট তাৰকাইয়ো৷
ৰোহিত শৰ্মা
ভাৰতৰ অধিনায়কৰ বয়স ৩৭ বছৰ পাৰ হৈছে৷ আৰু কিমানদিন আন্তৰ্জাতিক ক্ৰিকেট খেলিব সেই বিষয়টোক লৈ আছে সংশয়৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান পাক্কা নহ’লে ভাৰত-অষ্ট্ৰেলিয়াৰ ছিৰিজৰ পাছতেই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে ৰোহিতে৷
বিৰাট ক’হলি
বিৰাট ক’হলিৰ বৰ্তমান বয়স ৩৬ বছৰ পাৰ হৈছে৷ ইতিমধ্যেই টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লৈছে৷ টেষ্ট ক্ৰিকেটত নিজৰ ফৰ্মত নাই ক’হলি৷ ফলত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত নগলে ক’হলিয়েও ক্ৰিকেটক বিদায় জনাব পাৰে৷
ৰবীন্দ্ৰ জাদেজা
অশ্বিনৰ পাছতেই ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজায়েও সম্ভৱত এই চিৰিজৰ পাছত অৱসৰ ল’ব পাৰে৷ বয়স ৩৬ বছৰ পাৰ হৈছে৷ দলত থাকিলেও প্ৰথম একাদশত অনিয়মিত হৈ পৰিছে৷ ফলত টেষ্ট ক্ৰিকেটত আৰু কিমান দিন থাকিব তাত সন্দেহ আছে৷
চেতশ্বৰ পুজাৰা
ভাৰতীয় দলৰ পৰা দীৰ্ঘদিন বাহিৰত আছে চেতশ্বৰ পুজাৰা৷ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত দললৈ ওভতি অহাৰ শেষ সম্ভাৱনা থাকিলেও তেওঁ অহা নাই৷ ফলত পুজাৰাৰ অৱসৰৰ ঘোষণা কেৱল সময়ৰ অপেক্ষা বুলি ধাৰণা কৰিছে বহুতে৷
অজিংকে ৰাহানে
পুজাৰাৰ মতে একেই অৱস্থা অজংকে ৰাহানাৰৰো৷ বগা বলৰ ক্ৰিকেটত হয়তো তেঁৱো বেছিদিন নাথাকিব৷ টেষ্ট দলত এতিয়া তেওঁ নাই৷ ঘৰুৱা ক্ৰিকেট ফৰ্মত থাকিলেও ভাৰতীয় দলৰ ৰাস্তা ৰাহানোৰ বাবে আৰু খুলিবনে তাত সন্দেহ আছে৷ ফলত অৱসৰৰ পথেই বাচি ল’ব পাৰে ৰাহানেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















