অতিকে শোকাৱহ, একেলগে প্ৰাণ হেৰুৱালে ৫ গৰাকীয়ে, ৮ গৰাকী গুৰুতৰভাৱে আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা
ৰাজস্থানৰ উদয়পুৰৰ গোগুণ্ডাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ভিলৱাৰা হাইৱেত এখন অটোত প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন ট্ৰেইলাৰে। যাৰ ফলত এই দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৫ জন লোকে, তাৰ বিপৰীতে অট’ত থকা আন ৮ গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়।
ট্ৰেইলাৰ খনৰ ব্ৰেক বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। লগতে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা ব্যক্ত ।
তথ্য অনুসৰি পিণ্ডৱাৰা ঘাইপথৰ সমীপৰ ছালাৰিয়া গাঁৱৰ পৰা টেম্পো সাঁৱৰীয়াৰে মালৱা ছেক্সন অভিমুখে গৈ আছিল। এই সময়ছোৱাত ঘাইপথত ট্ৰেইলাৰৰ ব্ৰেক বিকল হৈ পৰে। যাৰ বাবে চালকে ট্ৰেইলাৰখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু যাত্ৰীৰে ভৰা টেম্পোৰ সৈতে সংঘৰ্ষ হয়।
ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষৰ ফলত টেম্পোৰ বেয়াকৈ ক্ষতিসাধন হয়। দুৰ্ঘটনাটোত এগৰাকী কিশোৰীৰ লগতে টেম্প’ত যাত্ৰা কৰা চাৰিগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু ঘাইপথ টহলদাৰী দলে সেই স্থানত উপস্থিত হয়। লগতে ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীৰ মতে, টেম্প’ত যাত্ৰা কৰা অধিকাংশ লোক শ্ৰমিক হিচাপে কাম কৰা। পুৱাতে টেম্পোত গাঁৱৰ পৰা ওলাই আহিছিল শ্ৰমিকৰ কাম কৰিবলৈ। বাটত ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















