কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা
আজি ৫ জানুৱাৰী তাৰিখে ঘোষণা কৰা হ’ল ২০২৪ আৰু ২০২৫ বৰ্ষৰ কেইবাটাও ৰাজ্যিক বঁটা। ইয়াৰে ভিতৰত আছে নটসূৰ্য বঁটা, শিল্পী বঁটা আদি উল্লেখযোগ্য।
দিছপুৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এক সংবাদমেলযোগে এই বঁটা আৰু সন্মানৰ বিষয়ে ঘোষণা কৰে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। প্ৰতিটো বঁটাতে থাকিব ২ লাখ টকা সহ প্ৰশস্তি-পত্ৰ আৰু অংগবস্ত্ৰ।
ঘোষণা হোৱা অনুসৰি বিশিষ্ট শিল্পী ড০ অনিমা চৌধুৰীলৈ ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে লোক শিল্পী মুকুল ৰাভালৈও ২০২৫ বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হয়।
বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা।
আনাহতে অন্যান্য বঁটা সন্মান সমূহ এনেধৰণৰ-
অভিনেত্ৰী হীৰা নেওগলৈ সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা। বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ ভীমবৰ দেউৰী বঁটা ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















