আনুষ্ঠানিক ঘোষণা, বিনা প্ৰতিদ্বন্দ্বিতাৰে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ নতুন সভাপতি
আজি ১৭ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৰাজ্যিক বিজেপি সভাপতিৰ নাম। বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি পদত জয়ী দিলীপ শইকীয়া। ভৱেশ কলিতাই মনোনয়ন দাখিল নকৰাৰ ফলত প্ৰতিদ্বন্দ্বিতা নকৰাকৈয়ে জয়ী হয় শইকীয়া।
কালি বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত মনোনয়ন দাখিল কৰিছিল সাংসদ দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰিছিল দিলীপ শইকীয়াই।
কিন্তু অন্য প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত কালিতেই চূড়ান্ত হৈছিল সভাপতিৰ নাম। কেৱল বাকি আছিল আনুষ্ঠানিকতা। সেই আনুষ্ঠানিকতা আজি সম্পন্ন কৰি ঘোষণা কৰা হয় ৰাজ্যিক সভাপতিৰ নাম। এতিয়া ৰাজ্যিক BJPৰ সভাপতি দিলীপ শইকীয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ