জানমণিৰ পাছত এইবাৰ বেহাৰবাৰীৰ মোহনে পাতিলে বিয়া, কোন কইনা ?
জানমণি খ্যাত শ্যামন্তিকা শৰ্মা বিয়াৰ পাছত এইবাৰ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিক খ্যাত মোহনৰ বিয়া। কালি ৬ ফেব্ৰুৱাৰী তাৰিখ বৃহস্পতিবাৰে হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে মোহন তথা দীপজ্যোতি কেওটে।
বেহাৰবাৰী ধাৰাবাহিক কৰি কেকে আৰু মোহন হিচাপে অসমৰ দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা মোহন খ্যাত দীপজ্যোতিয়ে নগাঁওস্থিত নিজা বাসভৱনৰ পৰা বিয়া পাতে।

অভিনেতাগৰাকীৰ কইনা নগাঁৱৰ ডিফলুৰ বিদিশা ভূঞা। কাইলৈ ৮ ফেব্ৰুৱাৰী তাৰিখে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন অভিনেতাগৰাকীৰ।

দীপজ্যোতিৰ বিয়াত তেখেতৰ লগৰ বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক দেখা পোৱা যায়। একেখন ধাৰাবহিকতে কাম কৰা কেকে খ্যাত সিদ্ধাৰ্থ শৰ্মা, বিউতি বাইলুং খ্যাত চুমকি কছাৰী, ৰাকেশ খ্যাত ৰিন্তু বৰা আদিকে ধৰি কেইবাগৰাকী লোকক দেখা পোৱা যায়।


দৰাৰ সখী হিচাপে থাকে একেখন ধাৰাবাহিকতে কাম কৰা সহকৰ্মী ৰাকেশ তথা ৰিন্তু বৰা। বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অভিনেতাগৰাকীৰ বিবহাৰ ফটো আৰু বহু ভিডিঅ’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















