কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী, তালিকাত নাম স্মৃতি ইৰাণীৰ পৰা মনোজ তিৱাৰীলৈ
দিল্লী বিধানসভাৰ এইবাৰৰ ফলাফল একেবাৰে বেলেগ। শক্তিশালী আপত পৰাস্ কৰি জয়লাভ বিজোপিৰ। মোদী যাঁদু চলি যায় দিল্লীৰ বিধানসভা নিৰ্বাচনত। ৭০খন আসনৰ ভিতৰত ৪৮ খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। আনহাতে আপে মাথো ২২ খন আসনহে লাভ কৰে। খোদ অৰবিন্দ কেজৰিৱালেই পৰাজিত হয় তেখেতৰ সমষ্টিত। কেৱল আতিশীয়ে ৰাখে মান।
বৰ্তমানে বিজেপিয়ে ২৭ বছৰৰ পাছত দিল্লীত চৰকাৰ গঠন কৰিবলৈ ওলাইছে। এতিয়া সকলোৰে দৃষ্টি বিজেপিয়ে কাক মুখ্যমন্ত্রী পাতিব ৰাজধানী দিল্লীৰ৷ বৰ্তমান এই দৌৰত ৫ জন লোকৰ নাম শীৰ্ষত।
১/ প্ৰবেশ সিং ভাৰ্মা
এই তালিকাৰ প্ৰথম নাম প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মাৰ পুত্ৰ প্ৰবেশ ভাৰ্মাৰ। একেৰাহে দুটা কাৰ্যকাল পশ্চিম দিল্লীৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে প্ৰৱেশ ভাৰ্মাই। ২০১৯ চনত তেওঁ ৫.৭৮ লাখ ভোটত জয়লাভ কৰিছিল, যিটো দিল্লীৰ ইতিহাসৰ সৰ্ববৃহৎ জয়। এইবাৰ তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৪০৯৯ ভোটত পৰাস্ত কৰিছে।
২/ মনোজ তিৱাৰী
উত্তৰ-পূব দিল্লীৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে মনোজ তিৱাৰীয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দিল্লীৰ পৰা ৭ জন সাংসদৰ ভিতৰত ৬ জনৰ টিকট কৰ্তন কৰিছিল যদিও মনোজ তিৱাৰীক পুনৰ দলে টিকট দিছিল। ইয়াৰ উপৰি ২০১৬ চনৰ পৰা ২০২০ চনলৈ দিল্লী বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে তিৱাৰীয়ে। তাতে আৰ ৮ মাহৰ পিছতে বিহাৰত নিৰ্বাচন। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ প্ৰৱল দাবীদাৰ মনোজ তিৱাৰী।
৩/ মঞ্জিন্দৰ সিং ছিৰছা
২০১৩ আৰু ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত শিৰোমণি আকালি দলৰ টিকটত জয়ী হৈছিল মঞ্জিন্দৰ সিং ছিৰছা। ইয়াৰ পিছত তৃতীয়বাৰৰ বাবে ৰাজৌৰী গাৰ্ডেনৰ পৰা বিধায়ক নিৰ্বাচিত হয়। ২০২১ চনত শিৰোমণি আকালি দল এৰি বিজেপিত যোগদান কৰে। ইয়াৰ পিছত ২০২৩ চনৰ আগষ্ট মাহত তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। লগতে ছিৰছা দিল্লীৰ শিখ সম্প্ৰদায়ৰ এজন ডাঙৰ নেতা।
৪/ স্মৃতি ইৰাণী
স্মৃতি ইৰাণীয়ো হব পাৰে বিজেপিৰ প্ৰথম পছন্দ। ২০১০ চনৰ পৰা ২০১৩ চনলৈ বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী আছিল ইৰাণী। ২০১৪ চনত লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো মন্ত্ৰী হৈছিল ইৰাণী। ২০১৯ চনত ৰাহুল গান্ধীক পৰাস্ত কৰিছিল। দলত মহিলাৰ ভিতৰত এগৰাকী শীৰ্ষ নেত্ৰী ইৰাণী। বৰ্তমান বিজেপিত মহিলা মুখ্যমন্ত্ৰী নাই। এনে পৰিস্থিতিত স্মৃতি ইৰাণীক মুখ্যমন্ত্ৰী কৰি বিজেপিয়ে মহিলাক আগস্থান দিব পাৰে।
৫/ বিজেন্দৰ গুপ্তা
বিজেন্দ্ৰ গুপ্তাই একেৰাহে তৃতীয়বাৰৰ বাবে ৰোহিনী বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে। তেওঁ দুবাৰকৈ দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ বাহিৰেও ২০১৫ চনত যেতিয়া বিজেপিৰ দিল্লী বিধানসভাত মাত্ৰ ৩ জন বিধায়ক আছিল, তাৰ ভিতৰত এজন আছিল বিজেন্দ্ৰ গুপ্তা। দিল্লীত বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ বাহিৰেও সংঘ আৰু সংগঠনত তেওঁৰ দৃঢ় দখল আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















