সেউজ সংকেট পাব নে বুমৰাহে, খেলিব পাৰিবনে চেম্পিয়নছ ট্ৰফী !
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ চেম্পিয়নছ ট্ৰফী খেলিব নে নাই সেই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত লোৱা হ’ব। আজি প্ৰতিযোগিতাখনৰ বাবে চূড়ান্ত দল নিৰ্বাচনৰ অন্তিম তাৰিখ।
১১ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো দেশেই নিজৰ দল আইচিচিলৈ প্ৰেৰণ কৰিব লাগিব। অষ্ট্ৰেলিয়া ভ্ৰমণত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত জশপ্ৰিত বুমৰাহ চেম্পিয়নছ ট্ৰফীত খেলাক লৈ সন্দেহৰ সৃষ্টি হৈছে। এইগৰাকী তাৰকা বলাৰৰ ফিটনেছক লৈ আজি বিচিচিআইয়ে এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।
বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমী (এনচিএ)ত গুৰুত্বপূৰ্ণ বডি স্কেন আৰু সম্পূৰ্ণ পৰীক্ষা কৰা হৈছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ জশপ্ৰিত বুমৰাহ। তেওঁৰ ফিটনেছ আৰু চেম্পিয়নছ ট্ৰফীত খেলা সম্পৰ্কীয় খবৰ অতি সোনকালে প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি বুমৰাহ বেংগালুৰুত থাকিব পাৰে যাতে তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ চিকিৎসা দলৰ সৈতে আলোচনা কৰিব পাৰে।
কেৱল ভাৰতীয় ক্ৰিকেট দলৰ বাবেই নহয়, বুমৰাহক এই সন্মানীয় প্ৰতিযোগিতাত খেলিবলৈ চাব বিচৰা লাখ লাখ অনুৰাগীৰ বাবেও পৰৱৰ্তী ২৪ ঘণ্টা অতি গুৰুত্বপূৰ্ণ। বিচিচিআইৰ চিকিৎসা দলটোৱে খেলুৱৈগৰাকীৰ আঘাতৰ ওপৰত চকু ৰাখিছে।
ই এছ পি এনক্ৰিচিনফ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ বুমৰাহৰ কঁকালৰ স্কেন কৰা হৈছে বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত। যশপ্ৰীত বুমৰাহৰ আঘাত সন্দৰ্ভত মেডিকেল ষ্টাফে মেনেজমেণ্ট মেম্বাৰ আৰু চিলেক্টৰক সাক্ষাৎ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















