কেজৰিৱাল নহয়, আতিশী দিল্লীৰ বিৰোধী দলপতি, কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন
অৰবিন্দ কেজৰিৱাল নহয়, দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে আতিশী। লগতে সোমবাৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব দিল্লীৰ বিধানসভাৰ অধিৱেশন। আজি দেওবাৰে আম আদমি পাৰ্টি বিধানসভা পাৰ্টিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই বৈঠকত অৰবিন্দ কেজৰিৱাল, আতিশী, গোপাল ৰায়কে ধৰি দলৰ আন বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে। আম আদমী পাৰ্টিৰ সকলো বিধায়কে এই সভাত অংশগ্ৰহণ কৰে।
বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি গোপাল ৰায়ে কয় যে আতিশী বিৰোধীৰ নেতা হ’ব। সকলো বিধায়কে তেওঁক নিৰ্বাচিত কৰিছে। আতিশী দিল্লীৰ মুখ্যমন্ত্ৰীও হৈ আহিছে।
বিৰোধী দলপতি নির্বাচিত হোৱাৰ পাছত আতিশীয়ে কয় যে দিল্লীৰ জনসাধাৰণে আম আদমী পাৰ্টিক বিৰোধীৰ ভূমিকা দিছে৷ গতিকে আমাৰ প্ৰধান কাম সকলো প্ৰতিশ্ৰুতি পূৰণ হৈছে নে নাই। লগতে অহা ৮ মাৰ্চত মহিলাৰ একাউণ্টত জমা হ’ব ২৫০০ টকা। এই প্ৰতিশ্ৰুতি পূৰণ কৰাটোৱেই হ’ব আমাৰ এজেণ্ডা।
উল্লেখ্য যে, দিল্লী বিধানসভাৰ প্ৰথম অধিৱেশন ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ব। বিজেপি চৰকাৰে কয় যে পূৰ্বৰ আপ চৰকাৰৰ কাম-কাজৰ বিৰুদ্ধে বাকী থকা কেগৰ প্ৰতিবেদন সদনত দাখিল কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















