এক্সট্ৰা মেৰিটেল আৰু গোবিন্দ
এতিয়া ট্ৰেণ্ডিঙত আছে গ্ৰে ডিভোৰ্ছ৷ সেই তালিকাত নাম সোমাইছে গোবিন্দ আৰু সুনীতাৰো৷ ইয়াৰ মাজতেই হঠাৎ ট্ৰেণ্ডিঙত আছে গোবিন্দৰ এটা পুৰণি সাক্ষাৎকাৰ৷ তাতেই তেওঁ কৈছিল যে তেওঁৰ কুণ্ডলীত দুটি বিবাহৰ সম্ভাৱনা আছে৷ দুটি বিবাহৰ কথা ক’লেও গোবিন্দই একাধিক অভিনেত্ৰীৰ সৈতে পৰকীয়াত সোমাই পৰাৰ ৰেকৰ্ড আছে৷ এক ইণ্টাৰভিউত তেওঁ নীলমৰ সৈতে তেওঁৰ প্ৰেমৰ বিৱৰণ দিছে মুকলিকৈয়ে৷ কেৱল নীলমেই নহয় তেওঁ দিব্যা ভাৰতী, মাধুৰী দীক্ষিতক লৈয়ো দুৰ্বলতা থকাৰ কথা বহু ইণ্টাৰভিউত কৈছে৷ তেওঁ দিব্যা ভাৰতীক লৈ কৈছিল,‘পুৰুষৰ পক্ষে দিব্যা ভাৰতীৰ সন্মুখত নিজক নিয়ন্ত্ৰণ কৰা কঠিন কাম৷’
গোবিন্দ আৰু সুনীতাৰ প্ৰেম
গোবিন্দ আৰু সুনীতাৰ প্ৰেমৰ গল্পও বেছ ৰোমাণ্টিক৷ গোবিন্দ আৰু সুনীতাৰ দেখা হৈছিল এখন বিয়াঘৰত৷ তেতিয়া সুনীতা নৱম শ্ৰেণীৰ ছাত্ৰী আছিল৷ সুনীতাই গোবিন্দ সন্দৰ্ভত কৈছিল, গোবিন্দ এজন সাধাৰণ লৰা আছিল৷ তেওঁক প্ৰভাৱিত কৰা কঠিন কাম আছিল সুনীতাৰ পক্ষে৷ সুনীতাই সেয়ে গোবিন্দক ইম্প্ৰেছ কৰাটো চেলেঞ্জ হিচাপে লৈছিল৷ সেই চেলেঞ্জত জয়ী হয় সুনীতা৷ চিনাকিৰ এবছৰ পূৰ্বে দুজনৰ মাজত আৰম্ভ হয় প্ৰেম৷
সুনীতাৰ সৈতে টাইম পাছ কৰিছিল গোবিন্দই
ষ্টাৰডাষ্টক দিয়া এক ইণ্টাৰভিউত গোবিন্দই কৈছিল যে তেওঁ সুনীতাৰ সৈতে চিৰিয়াছলি সম্পৰ্ক ৰাখিব খোজা নাছিল৷ বৰং ভাৱিছিল তেওঁ এগৰাকী যুৱতীৰ সৈতে আড্ডা দিছে৷ তেওঁ চিনেমাত ৰোমাণ্টিক চিন কৰিবলৈ স্বাচ্ছন্দ্যবোধ কৰা নাছিল৷ তেতিয়া তেওঁৰ ভাতৃ কীৰ্তিয়ে কৈছিল যে যদি বাস্তৱ জীৱনত ৰোমান্স কৰে তেতিয়া তেওঁ চৰিত্ৰতো ভালকৈ অভিনয় কৰিবলৈ সক্ষম হ’ব৷ তাৰপাছতেই তেওঁ সুনীতাৰ সৈতে দেখা কৰি টাইমপাছ কৰিবলৈ আৰম্ভ কৰে৷ গোবিন্দই এক সাক্ষাৎকাৰত কৈছিল যে সুনীতাৰ সৈতে সময় কটোৱাৰ বাবে এনেকৈ জীৱনলৈ সুনীতাক আদৰি ল’ব লাগিব সেয়া সপোনতো ভৱা নাছিল৷
নীলমৰ সৈতে কেনেকৈ চিনাকি?
সুনীতাৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ পাছত গোবিন্দৰ জীৱনলৈ আহে নীলম৷ গোবিন্দই কৈছিল, তেওঁ নীলমক যেতিয়া প্ৰথমবাৰ দেখিছিল তেতিয়া চকু ঘূৰাব পৰা নাছিল৷ গোবিন্দই সকলোৰে সন্মুখত বহুবাৰ নীলমৰ প্রশংসা কৰি আহিছে৷ আনকি সুনীতাকো নীলমৰ দৰে হ’বলৈ অনুৰোধ জনাইছিল গোবিন্দই৷
সুনীতাই গোবিন্দৰ চৰিত্ৰৰ বাবেই নিৰাপত্তাহীনতাত ভূগিছে
গোবিন্দই কৈছিল যে তেওঁ আৰু সুনীতাৰ মাজৰ সম্পৰ্ক তিক্ত হ’বলৈ আৰম্ভ হৈছিল৷ তেতিয়াই সুনীতাই নিৰাপত্তাহীনতাত ভূগিছিল৷ গোবিন্দ আৰু সুনীতাৰ সম্পৰ্ক বেয়া হোৱাৰ আঁৰত আছিল নীলমেই৷ নীলমক গোবিন্দৰ সৈতে সম্পৰ্ক ত্যাগ কৰিবলৈ সুনীতাই নিজেই শেষত আহ্বান জনাই৷ পাছলৈ গোবিন্দ আৰু নীলমৰ সম্পৰ্কত বিচ্ছেদ আহে৷
নীলম হাইক্লাছ আছিল
গোবিন্দই নীলম সম্পৰ্কে এক সাক্ষাৎকাৰত কৈছিল যে, নীলম এজন উচ্চাভিলাসী যুৱতী আছিল৷ যেতিয়া তেওঁ বিয়াৰ প্ৰসংগ তুলে তেতিয়া নীলমে গোবিন্দক একে আষাৰেই ৰিজেক্ট কৰে৷ গোবিন্দই এই সন্দৰ্ভত কৈছিল, ‘নীলম হাইক্লাছ, মই গাঁৱৰ ল’ৰা৷ হয়তো আমাৰ বিয়া সফল নহ’লহেতেন সেই কথা পূৰ্বেই বুজি উঠিছিল নীলমে সেয়ে মোক ৰিজেক্ট কৰিলে৷’
নীলমক কেনেকৈ প্ৰতাৰণা কৰিছিল গোবিন্দই?
গোবিন্দ বিবাহিত সেই কথা গোবিন্দই নীলমৰ পৰাও লুকুৱাই ৰাখিছিল৷ মন্দিৰত গোবিন্দই সুনীতাক বিয়া কৰাইছিল৷ অৱশ্যে তেওঁলোকে আনুষ্ঠানিক বিবাহ কৰোৱা নাছিল৷ এই কথা নীলমে গোবিন্দৰ সৈতে সম্পৰ্ক ৰখাৰ সময়ত ঘূণাক্ষৰেও জানিব পৰা নাছিল৷ গোবিন্দই এই সম্পৰ্কে কৈছিল, ‘নীলমৰ দৰে যুৱতীৰ সৈতে দেখা হ’লে যিকোনো পুৰুষেই গলি যাব৷ মই সম্পূৰ্ণৰূপে নিজকে নীলমৰ প্ৰেমত হেৰুৱাই পেলাইছিলো৷ মই নীলমক বিয়া কৰাবও খুজিছিলো৷ সেয়া হৈ নুঠিল৷ হয়তো মই কৰোবাত নীলমক মোৰ প্ৰথম বিবাহৰ কথা লুকুৱাই প্ৰতাৰণাও কৰিছো৷ মই সুনীতাকো কৈ আহিছো, কোনে জানে কাইলৈ মই হয়তো অন্য কোনো যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবও পাৰো৷ সুনীতাক ইয়াৰ বাবে প্ৰস্তুত থাকিবলৈ কৈছো৷ তেতিয়া সুনীতাও মানসিকভাৱে সুখী থাকিব স্বাধীন থাকিব৷ মই ভাগ্যত বিশ্বাসী মানুহ৷ মোৰ কুণ্ডলীত এনেও দ্বিতীয় বিবাহৰ সম্ভাৱনা আছেই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















